অপৰাধআন্তঃৰাষ্ট্ৰীয়

যুৱকৰ যৌনাংগত কামুৰি ৰঙাঘৰৰ আলহী হ’ল প্ৰভুভক্ত কুকুৰ, চাওঁক ভিডিঅ’…

সংকটজনক অৱস্থাত ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় ছাত্ৰজনক

বিভিন্ন প্ৰজাতিৰ কুকুৰ পোহাৰ চখ বহুতৰে আছে। কুকুৰ আৰু গৰাকীৰ মাজত থকা সু-সম্পৰ্কৰ ভিডিঅ’ও আমি প্ৰায়ে ছ’চিয়েল মিডিয়াত দেখা পাও। কেতিয়াবা আকৌ প্ৰভুভক্ত কুকুৰক অন্য লোকে প্ৰহাৰ কৰি জে’ললৈ যোৱা ভিডিঅ’ অথবা খবৰো আমি দেখিছো অথবা পঢ়িছো।

কিন্তু এইবাৰ হ’ল সকলো ওলোটা। এজন ছাত্ৰৰ যৌনাংগত কামুৰি ৰঙাঘৰ পালেগৈ এটা কুকুৰ। এই ঘটনা সংঘটিত হৈছে নাইজেৰিয়াত। চাৰ্লি নামৰ এটা ব’ৰবয়েল প্ৰজাতিৰ কুকুৰে আক্ৰমণ কৰে আদেকোনলে আজাচিন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰক। বিশ্ববিদ্যালয়খনৰ হোষ্টেলত থকা কুকুৰটোৱে ছাত্ৰজনৰ যৌনাংগত কামোৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ছাত্ৰজন। সংকটজনক অৱস্থাত ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় ছাত্ৰজনক।

হোষ্টেলত উপস্থিত আন ছাত্ৰই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ গাড়ীত তুলি আৰক্ষী থানালৈ লৈ যোৱা হয় চাৰ্লি নামৰ কুকুৰটোক।

যুৱকৰ যৌনাংগত কামুৰি ৰঙাঘৰৰ আলহী হ'ল প্ৰভুভক্ত কুকুৰ, চাওঁক ভিডিঅ'...

ছ’চিয়েল মিডিয়াত বিয়পি পৰে এই খবৰ। অৱশ্যে বহুতেই এই ঘটনাত যথেষ্ট আমোদ পোৱাও পৰলক্ষিত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 5 =

Back to top button