অসম মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ২০২১-২২বৰ্ষৰ বাবে নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ প্ৰায় ৪০ শতাংশ হ্ৰাস কৰা হব। এই বিষয়ে এক নিৰ্দেশনাৰ জাৰি কৰিছে কৰিছে শিক্ষা সংসদে।
পত্ৰ নং ASE.1214/2017pt/50ৰ জৰিয়তে No. SEBA/AB/NOTIFI/06/2018/25 নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে। সেই অনুসৰি পাঠ্যক্ৰমৰ প্ৰতিটো বিষয়ত ২০১৯ বৰ্ষৰ তুলনাত ২০২১-২২ বৰ্ষত ৪০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰা হ’ব।
সংশোধিত পাঠ্যক্ৰম সংশ্লিষ্ট বিদ্যালয়সমূহৰ সকলো পৰিদৰ্শকক পিডিএফত প্ৰদান কৰা হ’ব। এই পিডিএফ ক্ৰমে বিদ্যালয়ৰ প্ৰধান শিক্ষক, নৱম, দশম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ প্ৰেৰণ কৰা হ’ব।