অভিনয়অসমআন্তঃৰাষ্ট্ৰীয়বলিউডবোলছবিভাৰতমনোৰঞ্জন

পুনৰ আন্তঃৰাষ্ট্রীয় সন্মান লাভ অসম সন্তান আদিল হুছেইনৰ

‘ৰাহগিৰ’ নামৰ ছবিত কৰা অভিনয়ৰ বাবে আদিল হুছেইনলৈ এই সন্মান

বলিষ্ঠ অভিনয়েৰে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী পর্যায়ত সুখ্যাতি অর্জন কৰিবলে সক্ষম হোৱা অসমৰ সুযোগ্য সন্তান আদিল হুছেইনে পুনৰ লাভ কৰিছে আন এক সুনাম৷

ৱাশ্বিংটন ডিচি ছাউথ এছিয়ান ফিল্ম ফেষ্টিভেলত সর্বশ্রেষ্ঠ অভিনেতাৰ সন্মানেৰে সন্মানিত হৈছে আদিল হুছেইনে৷ ‘ৰাহগিৰ’ নামৰ ছবিত কৰা অভিনয়ৰ বাবে আদিল হুছেইনলৈ আগবঢ়োৱা হৈছে এই সন্মান৷

এই বাতৰিটো নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে প্রকাশ কৰাৰ লগতে এই সন্মান লাভ কৰি তেওঁ আনন্দিত বুলি প্রকাশ কৰে৷

ৰাহগিৰ ছবিখন গ্রাম্য ভাৰত, জনজাতীয় লোকসকলৰ জীৱনক লৈ নির্মাণ কৰা হৈছিল৷ ২০১৯ চনত নির্মিত এই ছবিখনত গ্রামাঞ্চল আৰু চহৰ অঞ্চলৰ মাজত থকা পার্থক্যসমূহ দাঙি ধৰা হৈছে।

উল্লেখযোগ্য ষে, ইয়াৰ আগেও অভিনয় জগতত  বলিষ্ঠ অভিনয়ৰ বাবে বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল আদিল হুছেইন৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.