অপৰাধঅৰ্থনৈতিকঅসমজীৱনশৈলীপ্ৰযুক্তি

১১ বছৰ আগতে বনোৱা এখন দলঙে আজিও জ্বলা-কলা খোৱাইছে ৰাইজক

২০১১ চনতে শুৱ উদ্বোধন কৰা হৈছিল দলঙখনৰ

বঙাইগাঁও জিলা অন্তৰ্গত বৰঘোলা আই নদীৰ ওপৰত ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ নেতৃত্বত ৪০ কোটি টকা ব্যয়েৰে এখন দলঙৰ ২০১১ চনতে শুৱ উদ্বোধন কৰা হৈছিল। দলঙৰ কাম সম্পূৰ্ণ হোৱাৰ ১১ বছৰ পাছতো ৰাইজে বিপদ সংকুল ভাবে টুলুঙা নাওঁৰে পাৰাপাৰ কৰিবলগীয়া হৈছে। যত প্ৰতি পাৰত দিব লাগে ২০ৰ পৰা ৩০ টকা লৈ।

এসময়ত একাংশ ব্যক্তিয়ে প্ৰসংশাৰে উপচাই পেলোৱা ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ গাফিলতিৰ ফলত যমৰ যাতনা ভূগিব লগা হৈছে হাজাৰ হাজাৰ পথাচাৰীয়ে।

বানপানীয়ে দলং খনৰ এটা পাৰ খহাই নিয়াৰ ছলনা কৰি ৰাইজক ঠগিছে ঠিকাদাৰ ৰুদ্ৰ পাঠকে।

প্ৰশ্ন হয় যে, ১১ বছৰ আগতে দলঙৰ কাম সম্পূৰ্ণ কৰাৰ পিছতো কিয় গুৰুত্ব দিয়া নাই প্ৰশাসনে? কাৰণ চৰকাৰ তথা জিলা প্ৰশাসনে  তদন্ত কৰিলেই উলাই পৰিব আচল ৰহস্য। কেন্দ্ৰীয় চৰকাৰক তদন্ত কৰি অতি সোনকালে দলংখনৰ কাম সম্পূৰ্ণ কৰিবলৈ সাধাৰণ ৰাইজৰ আহ্বান জনাইছে অসম চৰকাৰক।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.