আন্তঃৰাষ্ট্ৰীয়ৰাজনৈতিক

কিম জং উনৰ নিৰ্দেশ, হাঁহিব নোৱাৰিব উত্তৰ কোৰিয়াবাসীয়ে! কিন্তু কিয়?

১১ দিনৰ বাবে হাঁহাৰ পৰা বঞ্চিত কৰা হ'ল উত্তৰ কোৰিয়াৰ জনতাক। তাৰ লগতে সুৰাপানো কৰিব নোৱাৰিব উত্তৰ কোৰিয়াৰ লোকে।

১১ দিনৰ বাবে হাঁহাৰ পৰা বঞ্চিত কৰা হ’ল উত্তৰ কোৰিয়াৰ জনতাক। তাৰ লগতে সুৰাপানো কৰিব নোৱাৰিব উত্তৰ কোৰিয়াৰ লোকে। নিয়মভংগকাৰীক প্ৰশাসনে বিহিব কঠোৰতকৈও কঠোৰতম শাস্তি। কিন্তু কিয় এনে নিৰ্দেশনা জাৰি কৰা হৈছে উত্তৰ কোৰিয়াবাসীক?

উত্তৰ কোৰিয়াৰ প্ৰাক্তন নেতা কিম জং ইলৰ দশম মৃত্যু বাৰ্ষিকী উপলক্ষে উত্তৰ কোৰিয়াৰ লোকসকলক ১১ দিনৰ বাবে যিকোনো ধৰণৰ স্ফূৰ্তিৰ কৰাত নিষেধজ্ঞা আৰোপ কৰা হৈছে।
উল্লেখ্য যে,১৯৯৪ চনৰ পৰা ২০১১ চনলৈ উত্তৰ কোৰিয়া শাসন কৰিছিল কিম জং ইলে । ১৭ বছৰ কাল এক দমনমূলক স্বৈৰাচাৰীতাৰে দেশ শাসন কৰাৰ পিছত ২০১১ চনৰ ১৭ ডিচেম্বৰত হৃদৰোগত আক্ৰান্ত হৈ ৬৯ বছৰ বয়সত মৃত্যু হৈছিল নেতাগৰাকীৰ। তেওঁৰ মৃত্যুৰ পিছতে তেওঁৰ তৃতীয় তথা কনিষ্ঠ পুত্ৰ কিম জং উনে দেশখনত শাসন আৰম্ভ কৰে।
উল্লেখ্য যে, এই সময়ছোৱাত কাৰোবাৰ পৰিয়ালৰ সদস্যৰ মৃত্যু হ’লেও কান্দিবলৈও অনুমতি দিয়া নহয় উত্তৰ কোৰিয়াৰ লোকক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.