অসমঅসম আৰক্ষীভ্ৰমণ

ৰাজ্যত প্ৰান্তে প্ৰান্তে সংঘটিত একাধিক পথ দুৰ্ঘটনা

পৰিয়ালত যন্ত্ৰনাকাতৰ কান্দোনৰ চিঞৰ

ৰাজ্যৰ ৰাজপথসমূহ এতিয়া যেন মৃত্যুৰ বিভীষিকাস্বৰূপ হৈ পৰিছে। পথ দুৰ্ঘটনাই প্ৰাণ লৈছে বহুজনৰ। ৰাজ্যত প্ৰান্তে প্ৰান্তে সংঘটিত একাধিক পথ দুৰ্ঘটনা। বহু পৰিয়ালত যন্ত্ৰনাকাতৰ কান্দোনৰ চিঞৰ।
ৰূপহীহাটৰ কাঞ্চনপুৰত হিট এণ্ড ৰাণৰ ভয়ংকৰ ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত ৩ যুৱক। নিহতৰ নাম মেহদিল আলম, ছাকিল আহমেদ আৰু ৰাজদুল হক। ৰূপহীহাটৰ ফাকালী জ্ঞান বিকাশৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা । ৩ বন্ধু সন্ধিয়া ওলাই গৈছিল ৰূপহীলৈ। ৰূপহীৰ পৰা বাইকেৰে আহি থকা অৱস্থাতেই অচিনাক্ত বাহনৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাই ৩ জন যুৱকে। উভতি নহাৰ পথেৰেই তিনিওজন যুৱক গুচি গ’ল অজান দেশলৈ।
সমগ্ৰ কাঞ্চনপুৰত শোকৰ বন্যা। মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ সন্মুখত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত ট্ৰাকচালক। প্ৰাণ ৰক্ষাৰ বাবে গৈ মৃত্যুক সাবতে চালকজনে। মৰিগাঁৱৰ পৰা নগাঁও অভিমুখে গৈ থকাৰ সময়তে যান্ত্ৰিক বিজুতি ঘটিছিল ট্ৰাকখনৰ। ট্ৰাকখনৰ পৰা নিজকে বচাবলৈ জপিয়াইছিল চালকজনে। জপিয়াই দিওঁতে চালকজন সোমাই পৰে ট্ৰাকৰ তলত, ট্ৰাকৰ চকাত সোমাই প্ৰাণ হেৰুৱাই লেংৰীবড়িৰ মানবজ্যোতি ডেকাই। তাৰ পিছতেই নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াই ৰৈ থকা ট্ৰেভেলাৰত।
ইপিনে জালুকবাৰীত ৰাজপথত বাগৰিল চুপাৰী ভৰ্তি মালবাহী ট্ৰাক। আজাৰাৰ পৰা বামুনীমৈদাম অভিমুখে গৈছিল ট্ৰাকখন। কথমপি প্ৰাণৰক্ষা ট্ৰাকখনৰ চালক বঙাইগাঁৱৰ অমৃত দাসৰ। নিশাই ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হৈ জালুকবাৰী যান-বাহন আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
নগাঁৱৰ ৰাইডিঙিয়াত পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৬ যাত্ৰী। এখন দ্ৰুতবেগী ৩ চকীয়া বাহনে পথৰ কাষত ৰখাই থোৱা ট্ৰেক্টৰত খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

গুৱাহাটীৰ খানাপাৰা, মৰিগাঁৱৰ মৈৰাবাৰীতো সংঘটিত পথ দুৰ্ঘটনা। মৈৰাবাৰী ভোৰগাঁও সংযোগী পথৰ পশ্চিম মৈৰাবাৰীত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বৰচাপৰি গাঁৱৰ জহিৰুল ইছলাম নামৰ এজন মাছ ব্যৱসায়ী। ইপিনে খানাপাৰাৰ গণেশ মন্দিৰৰ সন্মুখত দুৰ্ঘটনাত পতিত হয় এখন মালবাহী ট্ৰাক। দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন।
এইয়া মাত্ৰ এদিনৰ সংক্ষিপ্ত বিবৰণ।  এতিয়া এনেদৰেই ৰাজ্যৰ ৰাজপথ সমূহত পথ দুৰ্ঘটনাই এক ভয়াবহ ৰূপ ধাৰণ কৰিছে। কৰবাত যেন বিফল হৈছে পৰিবহণ বিভাগৰ আইন-কানুন। কিন্তু ভূল কাৰ? সেয়া এক ডাঙৰ প্ৰশ্ন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + fifteen =

Back to top button