ভাৰতমনোৰঞ্জন

ট্ৰেফিক আইনৰ সজাগতাৰ বাবে ব্যতিক্ৰমী পদক্ষেপ

পুলিচ নহয়, যুৱকে নৃত্যৰ জড়িয়তে সৃষ্টি কৰিছে সজাগতাৰ

আপুনিও ট্ৰেফিক চিগনেলত ৰৈ বিৰক্তি অনুভৱ কৰে নেকি ! যদি‌ কৰে তেতিয়া চিন্তা নকৰিব, মাত্ৰ পালন কৰক ট্ৰেফিক আইন; কোনে জানে, হয়তো এদিন হেলমেট মানৱৰ নৃত্য আপুনিও ট্ৰেফিক চিগনেলত দেখিবলৈ পাব। চৰ্চাত থকা এটি বাস্তৱ চৰিত্ৰ হেলমেট মানৱ, ভাৰতৰ এজন ‘হেলমেট মানৱ” । হেলমেট পিন্ধি ট্ৰেফিক চিগনেলত নৃত্য কৰাৰ বাবে দেশজুৰি চর্চাত যুৱক জন। ট্ৰেফিক পইন্টত ৰঙা লাইট দেখিলেই ৰ’ব নোৱাৰে তেওঁ
ট্ৰেফিক লাইট ৰঙা হ’লেই আৰম্ভ কৰে নৃত্য। ট্ৰেফিক চিগনেলত ৰৈ মানুহে বিৰক্তি নাপাবলৈ নৃত্য কৰে এইজন যুৱকজনে। ব্যতিক্ৰমী ৰূপত পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতাৰ সৃষ্টি এই ব্যতিক্ৰমী যুৱকজনৰ । যুৱকজনৰ নাম শুবোধ লুধে। সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈছে এইগৰাকী শুবোধ লুধে। কাৰণ তেওঁ ৰাস্তাত ট্ৰেফিক লাইট ৰঙা হ’লেই আৰম্ভ কৰে নাচিবলৈ। ইয়াৰ কাৰণ সন্দৰ্ভত তেওঁ কয়, “বহু ব্যক্তিৰ বাবে চিগনেলত অপেক্ষা কৰা কামটো বৰ বিৰক্তিকৰ হয়। যাৰ ফলত মানুহে ট্ৰেফিক নিয়ম ভাঙি যাবলৈ চেষ্টা কৰে। ইয়াৰ ফলত সৃষ্টি হয় তীব্ৰ যান-যঁতৰ।”
সেয়ে মানুহক এই বিৰক্তিৰ পৰা পৰিত্ৰাণ দিবলৈকে শুবোধে আৰম্ভ কৰে ট্ৰেফিক চিগনেলত নৃত্য, যাতে ট্ৰেফিক লাইট ৰঙা হৈ থকা সময়ত মানুহে কম সময়ৰ বাবে হ’লেও বিৰক্তি পাহৰি নৃত্য উপভোগ কৰিব পাৰে। পথ সুৰক্ষাৰ এই ব্যতিক্ৰমী সজাগতা অভিযান চলোৱা শুবোধৰ নৃত্যৰ ভিডিও বিয়পি পৰিছে সমগ্র দেশতে। নৃত্যৰ জৰিয়তে পথ সুৰক্ষাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰিব বিচৰা শুবোধৰ নৃত্য বৰ্তমান সৰ্বত্ৰ সমাদৃত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button