অসমআন্তঃৰাষ্ট্ৰীয়খেলজীৱনশৈলীবিশ্বভাৰতমনোৰঞ্জন

ঘৰৰ জীয়ৰী ঘৰলৈ উভতিব! উলাহে নধৰা হিয়া ৰাজ্যবাসীৰ

বৃহস্পতিবাৰে পুৱা ৯ বজাত গুৱাহাটীত আহি উপস্থিত হ'ব লাভলীনা

ঘৰৰ জীয়ৰী ঘৰলৈ উভতিব৷ উলাহে নধৰা হিয়া ৰাজ্যবাসীৰ৷

মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই মাতৃভূমিত ভৰি দিব অসম কন্যা লাভলীনা বৰগোঁহায়ে৷ বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকত পদক দখল কৰাৰ পিছত প্ৰথমবাৰলৈ গৃহভূমিত উপস্থিত হ’ব গোলাঘাটৰ বৰপথাৰৰ জীয়ৰী লাভলীনা বৰগোঁহাই৷

লাভলিনাৰ সম্বৰ্ধনাৰ বাবে শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হৈছে এক বৃহৎ অনুষ্ঠানৰ।

১২ আগষ্ট বৃহস্পতিবাৰে লাভলীনাই পুৱা ৯ বজাত আহি গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ব। বিমানবন্দৰৰ পৰাই সমদল কৰি লাভলীনাক আদৰি অনা হ’ব। গুৱাহাটী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছৰ পৰা লাভলীনা বৰগোঁহাইৰ পৰৱৰ্তী কাৰ্যসূচী ৰাজ্য চৰকাৰে চূড়ান্ত কৰিছে।

২ আগষ্ট বৃহস্পতিবাৰে লাভলীনাই পুৱা ৯ বজাত আহি গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ব। বিমানবন্দৰৰ পৰাই সমদল কৰি লাভলীনাক আদৰি অনা হ’ব। বিয়লি ৩ বজাত শংকৰদেৱ কলাক্ষেত্ৰত সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব লাভলীনাক।

উল্লেখ্য যে, এইবাৰ টকিঅ’ অলিম্পিকত ভাৰতৰ চাৰিগৰাকী মহিলাকে ধৰি মুঠতে ৯ গৰাকী বক্সাৰে প্ৰতিদ্বন্দ্বিতা কৰিলেও বক্সিঙৰ একমাত্ৰ পদকটো ভাৰতলৈ অসমৰ লাভলীনা বৰগোঁহাইয়ে অৰ্জন কৰিবলৈ সক্ষম হয়।

৬ বাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমকে ধৰি আটাইকেইগৰাকী তাৰকা বক্সাৰ টকিঅ’ৰ ৰিঙত ধৰাশায়ী হোৱাৰ পাছত অসমৰ লাভলীনা বৰগোঁহায়ে অলিম্পিকৰ পৰা একমাত্ৰ পদকটো আনিবলে সক্ষম হয়। তাৎপৰ্যপূৰ্ণভাৱে ৯ বছৰৰ পাছত দেশলৈ অহা প্ৰথমটো বক্সিঙৰ পদক অসমৰ বাবে হৈ পৰিছে আপুৰুগীয়া। কিয়নো ইয়াৰ পূৰ্বে কোনো অসমীয়া খেলুৱৈয়ে অলিম্পিকৰ পদক স্পৰ্শ কৰিব পৰা নাছিল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − twelve =

Check Also
Close
Back to top button