Assamhealthleatest updatenationalSocialweather

পুৱাই ৰুদ্ৰমূৰ্তি ধাৰণ সূৰ্যদেৱতাৰ। অসমৰ উষ্ণতা ৪০ৰ ঘৰ অতিক্ৰম কৰাৰ পথত!

গৰমৰ বাবে ৰাজ্যৰ বহু বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি।

পুৱাই ৰুদ্ৰমূৰ্তি ধাৰণ সূৰ্যদেৱতাৰ। উৎকট গৰমে দহিছে ৰাজ্য। অন্য ৰাজ্যৰ দৰে অসমৰ উষ্ণতাও ৪০ৰ ঘৰ অতিক্ৰম কৰাৰ পথত। গুৱাহাটী মহানগৰীত পুৱাই ৩৪ ডিগ্ৰী পাৰাস্তম্ভ। শুকুৰবাৰৰ দিনটোত তেজপুৰৰ তাপমাত্ৰা আছিল অসমৰ ভিতৰত সৰ্বোচ্চ।

গৰমৰ বাবে ৰাজ্যৰ বহু বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি। আগন্তুক তিনিদিনলৈ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। ১০ দিনলৈ অপৰিৱৰ্তিত হৈ থাকিব বতৰৰ উষ্ণতা। কামৰূপ (মঃ) বিদ্যালয়ৰ বাবে বিশেষ নিৰ্দেশনা। প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় ৭.৩০ বজাৰ পৰা ১২ বজালৈ়। মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় ৭.৩০ বজাৰ পৰা ১২ বজালৈ। উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ সময় ৭.৩০ বজাৰ পৰা ১ বজালৈ। ২৭ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি। সকলো জিলাৰ আয়ুক্তলৈ শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশ। প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহৰ বাবে এই নিৰ্দেশনা বিদ্যালয় পৰিদৰ্শকৰ।

IMD warns of severe heatwave for next 4 days in THESE states - BusinessToday

 

উৎকট গৰমৰ বাবে দিকবিদিক হেৰুৱাইছে জনতাই। অভিলেখসংখ্যক পাৰাস্তম্ভ বৃদ্ধি দেশৰ ভিন্ন প্ৰান্তত। পঞ্জাৱ, ৰাজস্থান, হাৰিয়ানা, মধ্য প্ৰদেশ, গুজৰাটত ৰেড এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। এই অঞ্চলসমূহত দিনৰ ভাগত তাপমাত্ৰা ৪৭ ডিগ্ৰী পাৰস্তম্ভলৈ বৃদ্ধি হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.