AssamCity newsCMO AssamInternationalঅসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিভাৰতভ্ৰমণমনোৰঞ্জনসংস্কৃতি

মন্দিৰ নগৰী গুপ্তকাশী বিশ্বনাথ ঘাটত দেশী-বিদেশী পৰ্যটকৰ সমাগম …..

অসমৰ শিপিনী সকলে সপোন ৰচা তাঁতশালত আজি দেখিবলৈ পোৱা গ’ল বিদেশী পৰ্যটকক। পৰ্যটনৰ মানচিত্ৰত সদাই সুকীয়া ঐতিহ্য বহন কৰি আহিছে মন্দিৰ নগৰী গুপ্তকাশী বিশ্বনাথ ঘাটে। ইয়াৰ লগতে দেশী-বিদেশী পৰ্যটকৰ সমাগম দেখিবলৈ পোৱা যায় সময়ে সময়ে। বিশেষকৈ ডিচেম্বৰ মাহৰ পৰা এপ্ৰিল-মাৰ্চ পৰ্যন্ত প্ৰায়ে বিদেশী পৰ্যটকে পৰিভ্ৰমণ কৰে বিশ্বনাথ ঘাটত আৰু অধ্যয়ন কৰে আহোম যুগৰ ইতিহাস বহন কৰি অহা মঠ-মন্দিৰ সমূহত। সমান্তৰালকৈ আজি বিশ্বনাথ ঘাটত জাহাজেৰে অহা দেখিবলৈ পোৱা গ’ল UKৰ পৰা অহা ৩৬ জনীয়া এটি পৰ্য্যটকৰ দল। য’ত আছিল ৬০ উৰ্ধৰ বয়জেষ্ঠ। উল্লেখ্য যে অসমীয়া সমাজত তামোল পাণৰ গুৰুত্ব লগতে তাঁতশালত কাপোৰ বোৱা উপভোগ কৰিবলৈ দেখিব পোৱা গ’ল এইসকল পৰ্যটকক। অৱশ্যে পূৰ্বৰ তুলনাত চলিত বৰ্ষত পৰ্যটকৰ সমাগম কম যদিও ব্যাপক উৎসাহ দেখিবলৈ পোৱা গ’ল অঞ্চলবাসীৰ মাজত।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.