আন্তঃৰাষ্ট্ৰীয়খেলবিশ্ব

১২৬ মিনিটৰ ৰোমাঞ্চকৰ খেল! পেনাল্টীত ইংলেণ্ডক হৰুৱাই ইটালীয়ে আজুৰিলে ইউৰো খিতাপ।  

ইটালীয়ে দ্বিতীয়বাৰৰ বাবে জিকিলে ইউৰো কাপৰ খিতাপ

ইটালীয়ে দ্বিতীয়বাৰৰ বাবে জিকিলে ইউৰো কাপৰ খিতাপ। ১২৬ মিনিটৰ ৰোমাঞ্চকৰ খেলৰ অন্তত পেনাল্টীত ইংলেণ্ডক হৰুৱাই ইটালীয়ে জয় কৰিলে ইউৰো খিতাপ। EURO 2020ৰ ফাইনেলত, ইটালীয়ে পেনাল্টি শ্বুট আউটত ইংলেণ্ডক ৩-২ গ’লত পৰাস্ত কৰে।

শ্বাসৰুদ্ধকৰ ইউৰো কাপৰ ফাইনেলৰ মহাৰণ। উপৰঞ্চি বহু সময় বঢ়াই দিলাৰ পাছতো কোনো দলেই হাৰ মানিবলে সাজু নাছিল। সমানে যুঁজ দি অৱশেষত ইংলেণ্ডক হৰুৱাই ইটালীয়ে জয় কৰিলে ইউৰো খিতাপ।

৯০ মিনিটৰ নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ’লত দ্ৰ হৈ থকাত অতিৰিক্ত ৬ মিনিট সময় বঢ়াই দিয়ে যদিও সেই ৬ মিনিটতো সমানে যুঁজ দিয়ে দুয়ো দলে। শেষত দুয়ো দলৰ শক্তি দেখি অতিৰিক্ত ৩০ মিনিট বঢ়াই দিবলৈ বাধ্য হয়। কিন্তু সেই অতিৰিক্ত সময়তো ঘাটি নগ’ল কোনো এটা দল। মৰণ পণ যুঁজ দিয়ে দুয়ো দলে।

শেষ নিশাৰফালে খেলখন অতিকে ৰোমাঞ্চকৰ হৈ পৰে। অতিৰিক্ত সময়ৰ খেলৰ শেষতো দুয়ো দল সমান হৈ থকাত পেনাল্টী শ্বুট আউটৰ ব্যৱস্থা কৰে। পেনেল্টী শ্বুটত হে ইটালীয়ে শেষ হাঁহি মাৰে।

পেনাল্টী শ্বুটত ইটালীয়ে ৫ টাৰ ভিতৰত ৩ টা গল কৰিবলৈ সক্ষম হয়, ইয়াৰ বিপৰীতে ইংলেণ্ডে ৫ টাৰ ভিতৰত ২টা হে গ’ল কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ইংলেণ্ডে ৫৫ বছৰ ধৰি কোনো খিতাপ জয় কৰা নাই। ইটালীয়ে ইয়াৰ আগতে ১৯৬৮ চনত ইউৰো কাপ খিতাপ জিকিছিল। ১৯৬৮ চনত পাছত ইটালীয়ে পাছত প্ৰথমবাৰলৈ ইটালীয়ে ইউৰো কাপ জয় কৰিবলৈ সক্ষম হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 18 =

Check Also
Close
Back to top button