Covid-19অসমস্বাস্থ্য

ৰাজ্যবাসীৰ বাবে উদ্বেগজনক খবৰ! ক’ভিডত আক্রান্ত ৩৪ হাজাৰ শিশু

ৰাজ্যবাসীৰ মাজত ত্ৰাস

ক’ভিডৰ তৃতীয় ঢৌৰ সম্ভাৱনাক লৈ প্রস্তুতি চলি থকাৰ সময়তে মঙলবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্রীয়ে প্রকাশ কৰা উদ্বেগজনক তথ্যই ৰাজ্যবাসীৰ মাজত সৃষ্টি কৰিছে ত্ৰাসৰ।

ক’ভিডৰ দ্বিতীয় ঢৌত আক্রান্ত হৈছে ৰাজ্যখনৰ ৩৪ হাজাৰ শিশু৷ মঙলবাৰৰ দিনটোতে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈছে ২,৮৯০টা শিশু–কিশোৰ৷

মঙলবাৰে দিছপুৰত হোৱা এক সংবাদ মেলত মন্ত্রীগৰাকীয়ে প্রকাশ কৰে যে, ১৮ বছৰৰ তলৰ শিশু-কিশোৰ যিহেতু ভেকচিন ব্যবস্থা কৰা হোৱা নাই,  গতিকে আক্রান্তৰ হাৰ কিছু বৃদ্ধি পাইছে৷ অৱশ্যে ৯০ শতাংশ শিশু–কিশোৰে এি কোগৰ পৰা সুস্থ হৈ উঠিছে৷ মন্ত্রীগৰাকীয়ে লগতে উল্লেখ কৰে যে, ৩০ জুনলৈ ক’ৰোনাত আক্রান্ত হৈ মুঠ ৩৮টি শিশু–কিশোৰৰ মৃত্যু হৈছে৷ মৃত্যু হোৱা শিশুসকলৰ সৰহসংখ্যকেই অন্যান্য ৰোগৰ লগতে জন্মগত ৰোগত আক্রান্ত হৈ আছিল৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এতিয়াও চিকিৎসাধীন হৈ আছে ১৬৫টি শিশু–কিশোৰ৷

মঙলবাৰে স্বাস্থ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে এই সময়ছোৱাত নিজৰ সন্তানক সুৰক্ষিত কৰি ৰাখিবলৈ পিতৃ–মাতৃ সাৱধান হোৱাটোহে প্রতিৰোধৰ মূল কাৰক হ’ব কাৰণ ক’ৰোনাত আক্রান্ত হোৱা সৰহসংখ্যক শিশু–কিশোৰ সংক্রমিত হৈছে নিজৰ পিতৃ–মাতৃৰ পৰা৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.