অসমগুৱাহাটীদৈনিক বাতৰি

ইন্দ্ৰানী তহবিলদাৰৰ আত্মহনন কাণ্ডৰ তদন্তত পুনৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ, এইবাৰ নাম সাঙোৰ খাইছে AIIDC চেয়াৰমেন শান্তনু পুজাৰীৰ নাম

ইন্দ্ৰানী তহবিলদাৰৰ আত্মহনন কাণ্ডৰ তদন্তত পুনৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

ইন্দ্ৰানী তহবিলদাৰৰ আত্মহনন কাণ্ডৰ তদন্তত পুনৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ। এইবাৰ ইন্দ্ৰানী অনুৰাগৰ ফটো ভাইৰেল কাণ্ডত নাম সাঙোৰ খাইছে AIIDC চেয়াৰমেন শান্তনু পুজাৰীৰ নাম। বিজেপি অসম প্ৰদেশৰ  OFFICE –INCHARGE শান্তনু পূজাৰী অসম ফুটবল সংস্থাৰো উপ সভাপতি পদত নিযুক্ত হৈ আছে পুজাৰী। দ্বিবন ডেকাৰ অতি ঘনিষ্ঠ আছিল এইগৰাকী শান্তনু পুজাৰী। ইন্দ্ৰানীৰ আত্মহত্যাৰ ২ দিন পূৰ্বেও শান্তনু পুজাৰীৰ সৈতে যোৰহাটত বাহৰ পাতিছিল দ্বিবন ডেকাই।

দ্বিবন ডেকাই ইন্দ্ৰানী আৰু অনুৰাগৰ ব্যক্তিগত ফটো শান্তনু পুজাৰীক প্ৰেৰণ কৰাৰ অভিযোগ। চাকৰিৰ বিনিময়ত ধনৰ লেনদেনৰ অভিযোগতো সাঙোৰ খাই পৰিছে শান্তনু পূজাৰীৰ নাম।  দ্বিবন ডেকা, অসীম চক্ৰৱৰ্তী, অনুৰাগ চলিহা, শান্তনু পূজাৰীকে ধৰি কেলেংকাৰিত সাঙোৰ খোৱা নেতা–পালিনেতাৰ দীঘলীয়া তালিকা প্ৰস্তুত তদন্তকাৰী আৰক্ষী গোটৰ। শীঘ্ৰেই প্ৰতিজন অভিযুক্তক কৰায়ত্ত কৰাৰ ব্যাপক প্ৰস্তুতি অসম আৰক্ষীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.