অসমঅসম আৰক্ষীদৈনিক বাতৰি

পুনৰ শীৰ্ষ বিষয়াৰ অত্যাচাৰ আৰু আক্ৰমণৰ বলি হ’ল গৃহৰক্ষী জোৱান।

গেট খোলাত পলম হোৱাৰ বাবেই গৃহৰক্ষী জোৱানক বুকুত শিলগুটি মাৰে বিষয়াগৰাকীয়ে

পুনৰ শীৰ্ষ বিষয়াৰ অত্যাচাৰ আৰু আক্ৰমণৰ বলি হ’ল গৃহৰক্ষী জোৱান। বোকাখাত মহকুমা আৰক্ষী বিষয়া, IPS ৰেনুকুন্তলা শীতল কুমাৰে এগৰাকী গৃহৰক্ষী জোৱানক বুকুত শিলগুটি মাৰি আহত কৰাৰ গুৰুতৰ অভিযোগ । গেট খোলাত পলম হোৱাৰ বাবেই বিষয়াগৰাকীয়ে এই কাণ্ড সংঘটিত কৰে। গৃহৰক্ষী জোৱানজনক আক্ৰমণ কৰাৰ পিছতে পলায়ন কৰে IPS বিষয়াগৰাকীয়ে।

সাংবাদিকৰ প্ৰশ্নত অভিযুক্ত IPS বিষয়াগৰাকীয়ে ঘটনা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য নকৰি আঁতৰি যোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ঘটনাক কেন্দ্ৰ কৰি বোকাখাত SDPO কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ। একাংশ জোৱানে সমগ্ৰ ঘটনাৰ দাবীত সাব্যস্ত কৰিছে প্ৰতিবাদ। IPS বিষয়াগৰাকীৰ কঠোৰ শাস্তি দাবী তুলিলে ৰাইজে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.