ভাৰত

বন্ধ হৈ যাব নেকি বেবী পাউদাৰ বনোৱা জনচন এণ্ড জনচন কোম্পানি!

বেবী পাউদাৰ বনোৱা জনচন এণ্ড জনচনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে FDA

বাতিল কৰা হৈছে জনচন এণ্ড জনচন প্ৰাইভেট লিমিটেডৰ অনুজ্ঞাপত্ৰ। মহাৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে শুকুৰবাৰে জনচন প্ৰাইভেট লিমিটেডৰ বেবী পাউদাৰ নিৰ্মাণৰ অনুজ্ঞাপত্ৰ বাতিল কৰে। দেশৰ বৃহত্তৰ জনসাধাৰণৰ হকে এফ ডি এয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।

 

মহাৰাষ্ট্ৰ চৰকাৰে শুকুৰবাৰে জাৰি কৰা এক অধিসূচনা অনুসৰি জনচনৰ বেবী পাউদাৰে নৱজাতকৰ ছালত বিৰূপ প্ৰভাৱ পেলাইছে। পৰীক্ষাগাৰৰ পৰীক্ষাত জনচন বেবী পাউদাৰৰ পি এইচ মানত দেখা গৈছিল বিসংগতি। মহাৰাষ্ট্ৰ চৰকাৰে কলকাতাৰ কেন্দ্ৰীয় ঔষধ পৰীক্ষাগাৰত পৰীক্ষা কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে। জনচনৰ বেবী পাউদাৰৰ এক শূন্য পৰীক্ষাত আই এছ ৫৩৩৯:২০০৪ৰ সৈতে মিল নাপালে জনচনৰ বেবী পাউদাৰৰ পি এইচে।

 

সংস্থাটোৱে জনোৱা মতে, উন্নত মানদণ্ডৰ নহয় জনচনৰ বেবী পাউদাৰৰ। এফ ডি এয়ে জনচন আৰু জনচনক ড্ৰাগছ কচমেটিকছ আইন ১৯৪০ৰ অধীনত কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰিছে।

 

মহাৰাষ্ট্ৰ চৰকাৰে বৰ্তমান ষ্টকত থকা জনচন পাউদাৰৰ ষ্টকৰ সময় প্ৰকাশ কৰিবলৈও নিৰ্দেশ দিছে। ইফালে, চৰকাৰে জাননী জাৰি কৰাৰ পাছতো কোম্পানীটোৱে তেওঁলোকৰ সামগ্ৰী পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ পঠিয়াবলৈ অস্বীকাৰ কৰে। যাৰ বাবে এফ ডি এয়ে কোম্পানীটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 15 =

Check Also
Close
Back to top button