Socialজীৱনশৈলীধৰ্মীয়সংস্কৃতি

এখন ৰাজ্যত জিভা দেখুৱাই আদৰণি জনোৱা হয় অতিথিক। পিচে ক’ৰ এই পৰম্পৰা!

ভাৰতৰ এখন অন্যতম ৰাজ্যত অতিথিক জিভা দেখুৱাই আদৰণি জনোৱা হয়

ভাৰতৰ এখন অন্যতম ৰাজ্যত অতিথিক এক বিশেষ ধৰণেৰে জনোৱা হয় সন্মান। অতিথিক জিভা দেখুৱাই আদৰণি জনোৱা আৰু সন্মান প্ৰদৰ্শন কৰাৰ এক অনন্য পৰম্পৰা আছে এইখন ৰাজ্যত। তিব্বতত যুগ যুগ ধৰি চলি আহিছে এই পৰম্পৰা। তিব্বতলৈ যোনেই যায় সকলোকে জিভা উলিয়াই দেখুৱাই জনোৱা হয় আদৰণি।

 

জানিব পৰা মতে, নৱম শতিকাত তিব্বতৰ শাসন কৰিছিল এজন নিষ্ঠুৰ ৰজা লাংদাৰমায়ে যাৰ জিভাখন ক’লা আছিল। তেতিয়াৰ পৰা তিব্বতীবাসীয়ে লগ পোৱা যিকোনো ব্যক্তিকে জিভা দেখুৱাই কয় যে সেই ৰজাজনৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। আজিও তিব্বতত অব্যাহত আছে এই পৰম্পৰা।

 

 

বিভিন্ন সংস্কৃতি আৰু পৰম্পৰাৰে সংমিশ্ৰিত এইখন পৃথিৱীত আছে নানান খন দেশ। প্ৰতিখন দেশৰ মানুহৰে আছে নিজস্ব সংস্কৃতি আৰু পৰম্পৰা। সকলোৱে নিজৰ নিজৰ ধৰণেৰে অতিথিসকলক সন্মান কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তত মানুহক আদৰণি জনোৱা, সন্মান আৰু সম্ভাষণ জনোৱাৰ বিভিন্ন উপায় আছে। ভাৰতত হাত যোৰ কৰি নমস্কাৰ জনোৱা হয়। আনহাতে পাকিস্তানত মূৰ নমাই আদাব বুলি কোৱা হয়। গ্ৰীণলেণ্ডত অতিথিসকলক নাকেৰে নাক ঘঁহি আদৰণি জনোৱা হয়। ফ্ৰান্স আৰু ইউক্ৰেইনত মানুহক গালত চুমা খাই সন্মান আৰু আদৰণি জনোৱা হয়। কিন্তু হাত যোৰ কৰি আদৰণি জনোৱাৰ ধাৰাটো বিশ্বৰ ভিতৰতে সৰ্বোচ্চ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.