ভাদ মাহত নামঘৰলৈ যোৱাৰ আগত জানক এই কথা! অসমীয়া লোকজীৱনত ভাদ মাহৰ তাৎপৰ্য কি?
অসমীয়া লোকজীৱনত ভাদ মাহক পবিত্ৰ জ্ঞান কৰাৰ লগতে এই মাহটিত নামঘৰ তথা উপাসনাস্থলীত নাম-কীৰ্তনেৰে ভক্তই ভগৱানক আৰাধনা কৰাৰো সুকীয়া তাৎপৰ্য আছে। বিশেষকৈ গুৰু দুজনা ক্ৰমে শংকৰদেৱ আৰু মাধৱদেৱৰ তিথিৰ উপৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্মমাহ হোৱা বাবে মাহজুৰি চলা এনে ভক্তি-অৰ্চনা অত্যন্ত সুন্দৰ লগতে জাতীয় স্ংস্কৃতিৰো পৰিচায়ক।
তদুপৰি জ্যোতিষ শাস্ত্ৰ অনুসৰিও ভাদ মাহত সিংহ ৰাশিত ৰবি অত্যন্ত শক্তিশালী হয়, কিয়নো সিংহ ৰাশি ৰবি গ্ৰহৰ নিজা ঘৰ। ভাদ মাহত মহাপ্ৰয়ান ঘটিলে জীৱৰ স্বৰ্গপ্ৰপ্তি তথামুক্তি হয় বুলিও বিশ্বাস কৰা হয়। গভীৰ চিন্তাধাৰাৰে পৰিপুষ্ট মাধৱদেৱৰ ৰচনাৰাজিত কৃষ্ণৰ আধ্য্যাত্মিক আৰু লোক কল্যানকাৰী দুয়োটা দিশেই প্ৰকাশিত হৈছে। অসমীয়া জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ তথা আধুনিক অসমৰ সমাজ স্ংস্কাৰক শ্ৰীমন্ত শ্ংকৰদেৱৰ মহাপ্ৰয়াণ ঘটিছিল পৱিত্ৰ ভাদ মাহতেই। অস্পৃশ্যতা আৰু স্ংস্কাৰমুক্ত সমাজ এখনৰ লাই খুটা স্থাপন কৰিছিল মহাপুৰুষ শ্ংকৰদেৱে |সমাজৰ সামূহিক কেন্দ্ৰৰূপে ধৰ্ম চৰ্চা, স্ংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে শংকৰদেৱে বৰদোৱাত নামঘৰ সাজি ভক্তিৰ প্ৰথম খুটি মাৰে | মহাপুৰুষজনাৰ দ্বাৰা সৃষ্ট নাট ভাওনা-বৰগীতৰ উপৰি সাহিত্যৰ বিজয় স্তম্ভ হ’ল কীৰ্তন|
মুঠতে অসমৰ পবিত্ৰ ভূমিক ভক্তি ৰসৰ সোঁতেৰে ঢৌৱাই মানৱতাৰ ভেটি বন্ধা শ্ৰীমন্ত শংকৰদেৱ যুগ যুগান্তৰৰ বাবে নমস্য পুৰুষ| ভাদ মাহৰ অষ্টমী তিথিত জন্মগ্ৰহণ কৰা ভগৱান শ্ৰীকৃষ্ণ ভাৰতীয় পৰম্পৰা আৰু জনমানসত অপ্ৰতিদ্বন্দ্বী পুৰুষোত্তম| কৃষ্ণই অসাধৰণ পৌৰুষতা, মধুৰ ব্যক্তিত্ব, প্ৰেম আউৰ মহত্ত্বৰে সকলো মানুহৰ অন্তৰ বশ কৰি শ্ৰদ্ধাৰ পাত্ৰ হৈ অমৰত্বৰ এক ৰাজত্ব কৰিছিল| কৃষ্ণৰ পৰৱৰ্তী কালত বহুতো মহাপুৰুষ, দাৰ্শনিক আৰু ৰাজনীতিজ্ঞই ভাৰতৰ বুকুত জন্মগ্ৰহণ কৰিছে, কিন্ত্ত কোনোৱেই কৃষ্ণৰ দৰে শ্ৰদ্ধা আৰু ভক্তি পূজাৰে বন্দিত হোৱা নাই| সেয়ে কৃষ্ণ হৈছে ভাৰতীয় সমাজ-সংস্কৃতিৰ প্ৰাণ স্বৰূপ| ভাৰতীয় চিন্তাধাৰাত কৃষ্ণ ঐতিসাহিক পুৰুষৰূপে স্বীকৃত| কৃষ্ণ বিনে সমগ্ৰ ভাৰতীয় আত্মা যেন অসাৰ| গুৰু দুজনাৰ ভক্তি ধৰ্মৰ আদৰ্শ আৰু বাণী সমাযপজিত হৈ থকা কৃষ্ণ প্ৰাণটিয়ে সমগ্ৰ অসমীয়া সত্তাটিতে এনে ভাবৰ স্থায়িত্ব লাভ কৰি আহিছে যে জন্মৰ পৰা মৃতুলৈকে সামাজিক জীৱনৰ ভিন্ন ক্ৰিয়া কৰ্মত কৃষ্ণ এক দেহজ আৰু হূদয়স্থ চিন্তাৰ গুৰুকুল মূলাধাৰ স্বৰূপ|