চাকৰিস্বাস্থ্য

দৈনিক কৰি থকা চাকৰিটোও হ’ব পাৰে ডায়েবেটিছ, হাৰ্ট এটেক বা কেন্সাৰৰ কাৰণ!

দীঘলীয়া সময় বহি কটালে জীৱনটো হৈ পৰিব পাৰে বিপদসংকুল

বহি কাম কৰাৰ চাকৰি(Sitting Job) বহুতে বিচাৰে। চাকৰিৰ পৰা আহি অৱসৰ বিনোদনৰ বাবে যি সময় পোৱা যায় সেয়াও বহি বহিয়েই পাৰ কৰা হয়। আনকি লগ-সংগৰ লগত দিয়া আড্ডাও বেছিভাগ বহি বহিয়ে চলে।

আজিকালি দিনটোৰ বেছিভাগ সময় বহুলোকে বহি বহিয়ে পাৰ কৰে। কিন্তু এনে দীঘলীয়া সময় বহি কটালে জীৱনটো হৈ পৰিব পাৰে বিপদসংকুল।

Sitting is killing you

সম্প্ৰতি এক গৱেষণাত প্ৰমাণিত হৈছে যে, ৩ ঘন্টাতকৈ বেছি সময় একেৰাহে বহি থাকিলে ডায়েবেটিছ, হাৰ্ট এটেক বা কেন্সাৰৰ সম্ভাৱনা বহুগুণে বৃদ্ধি হয়। আনকি মৃত্যুপৰ্যন্তও হ’ব পাৰে। সমগ্ৰ বিশ্বতে প্ৰতিবছৰে ৪ শতাংশ মানুহৰ মৃত্যু হয় দীঘলীয়া সময় বহি পাৰ কৰাৰ বাবে। সংখ্যাত ৪ লাখ ৩৩ হাজাৰ। স্পেইনৰ জৰ্জ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে চলোৱা সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য।

গৱেষকৰ মতে, খুব কম সময় বিৰতি লৈ একেৰাহে কাম কৰিলে বা টিভি চাই থাকিলে টাইপ টু ডায়েবেটিছত আক্ৰান্ত হোৱাৰ আশংকা ৯০% বাঢ়ি যায়। তাৰ লগতে ৫৪ শতাংশ হাওঁফাওঁৰ কেন্সাৰ, ৬৬ শতাংশ জৰায়ু কেন্সাৰ আৰু ক’লন কেন্সাৰৰ সম্ভাৱনা ৩০ শতাংশলৈ বাঢ়ি যায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.