খাদ্যভাৰত

এতিয়াৰে পৰা বজাৰত বিক্ৰী কৰিব নোৱাৰিব হালাল কৰা মাংস!

আনকি তেওঁলোকে হিন্দুসকলক হালাল কৰা মাংস ক্ৰয় নকৰিবৰ বাবেও আহ্বান জনাইছে। ইয়াৰ সলনি হিন্দু পৰম্পৰা অনুসৰি কটা মাংস ক্ৰয় কৰিবৰ বাবে হিন্দু লোকসকলক আহ্বান জনাইছে দলসমূহে

সাম্প্ৰদায়িক সংঘাতক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কৰ্ণাটকত। হিজাব বিতৰ্ক, মন্দিৰত মুছলমান ব্যৱসায়ীৰ নিষিদ্ধকৰণৰ পাছতে এইবাৰ আন এক বিতৰ্কই লগ দিছে কৰ্ণাটকৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলক। নিষিদ্ধ হোৱাৰ দিশে হালাল কৰা মাংস।

 

এতিয়াৰ পৰা বিক্ৰী কৰিব নোৱাৰিব হালাল কৰা মাংস। কৰ্ণাটকত বজৰংগ দলে চলোৱা অভিযানৰ লক্ষ্য হৈছে মুছলমান ব্যৱসায়ীৰ পৰা মাংস ক্ৰয় নিষিদ্ধ কৰা। আনকি, বহু বিজেপি নেতা-মন্ত্ৰীয়েও এই কথাত সমৰ্থন জনাইছে। বিগত এসপ্তাহ ধৰি শ্ৰী ৰাম হিন্দু জগ্ৰুথি সমিতি, শ্ৰী ৰাম ছেনে, বজাৰং দলকে ধৰি আঠটা দলে মাংস বিক্ৰী কৰা দোকানৰ চাইনবোৰ্ডৰ পৰা হালাল প্ৰমাণপত্ৰ আঁতৰাবলৈ আহ্বান জনাইছে। আনকি তেওঁলোকে হিন্দুসকলক হালাল কৰা মাংস ক্ৰয় নকৰিবৰ বাবেও আহ্বান জনাইছে। ইয়াৰ সলনি হিন্দু পৰম্পৰা অনুসৰি কটা মাংস ক্ৰয় কৰিবৰ বাবে হিন্দু লোকসকলক আহ্বান জনাইছে দলসমূহে। বুধবাৰে, কৰ্ণাটকৰ শিৱাম’গ্গা জিলাৰ এখন হোটেলত বজৰংগ দলৰ কৰ্মীয়ে আক্ৰমণ কৰে, লগতে হালাল কৰা মাংস বিক্ৰী কৰাৰ বাবে এজন হোটেলৰ লোককো আক্ৰমণ কৰে লোকসকলে। অৱশ্যে, ঘটনা সন্দৰ্ভত পাঁচজন বজৰংগ দল কৰ্মীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

 

ইফালে, সোঁপন্থী নেতা প্ৰশান্ত সম্বৰ্গী আৰু পুনীত কেৰেহাল্লিয়ে বৃহস্পতিবাৰে বাংগালুৰুৰ চামৰাজপেট অঞ্চলৰ এখন বজাৰ পৰিদৰ্শন কৰি হালাল নিষেধাজ্ঞাৰ বাবে প্ৰচাৰ চলায়। পত্ৰিকা বিতৰণ কৰি তেওঁলোকে হিন্দু লোকক হালাল মাংস ক্ৰয় নকৰিবলৈ আহ্বান জনায়। কিন্তু স্থানীয় লোকসকলে দুয়োকে সেই স্থানৰ পৰা উভতাই পঠিয়ায়। লগতে, এনে ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰি সাম্প্ৰদায়িক বিভাজন সৃষ্টি নকৰিবলৈ আহ্বান জনায় স্থানীয় লোকে।

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.