অৰুণাচল প্ৰদেশ

ৰঙা চীনৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশত প্ৰথম প্ৰতিবাদ?

অৰুণাচল প্ৰদেশৰ চী-য়মি জিলাৰ চীন-ভাৰত সীমান্তত অৰুণাচলী লোকে চীনৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ

চুবুৰীয়া ৰাষ্ট্ৰ ৰঙা চীনৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশৰ স্থানীয় গাঁওবাসীৰ প্ৰথম প্ৰতিবাদ। অৰুণাচল প্ৰদেশৰ চী-য়মি জিলাৰ চীন-ভাৰত সীমান্তত অৰুণাচলী লোকে চীনৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ।
অৰুণাচলী যুৱক টাপৰ পুল্লমৰ মুক্তিৰ দাবীৰে চী-য়মি জিলাৰ মণিগঙত প্ৰতিবাদ সাব্যস্ত লোকসকলৰ। ২০১৫ চনতে চীনে আৱদ্ধ কৰিছিল অৰুণাচলৰ যুৱক টাপৰ পুল্লমক। LACৰ ঘনঘোৰ জংঘলত চিকাৰৰ বাবে যোৱা অৰুণাচলী যুৱকজনক আটক কৰিছিল চীনা সৈন্যই।

এতিয়া যুৱকজনৰ মুক্তিৰ দাবীৰে অৰুণাচলত All Shajee Youth Associationৰ বৃহৎ প্ৰতিবাদ। টাপৰ পুল্লমৰ পৰিয়ালবৰ্গইও সাব্যস্ত কৰে এই প্ৰতিবাদ। অৰুণাচলী সংস্থা আদি বানে কেবাঙেও সহযোগিতা আগবঢ়ায় যুৱকজনৰ পৰিয়ালক।
বেনাৰ, প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে শান্তিপূৰ্ণ শোভাযাত্ৰা উলিয়ায়। বিগত কেইবাবছৰ ধৰি টাপুৰ পুল্লামক মুক্তিৰ দাবী জনাই আহিছে যদিও এতিয়ালৈকে যুৱকজনক উদ্ধাৰৰ বাবে সফল হোৱা নাই ভাৰত চৰকাৰ।

উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহতে ভাৰত চৰকাৰে চীনৰ পৰা সফলতাৰে উদ্ধাৰ কৰিছিল ১৭ বছৰীয়া অৰুণাচলী যুৱক মিৰম টেৰণক। চীনৰ কৱলৰ পৰা যুৱকজনক উদ্ধাৰৰ পিছতে ২০১৫ চনতে চীনে আৱদ্ধ কৰা টাপৰ পুল্লমৰ উদ্ধাৰৰ বাবেও কেন্দ্ৰৰ ওচৰত অনুৰোধ জনায় অৰুণাচল চৰকাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − fourteen =

Back to top button