আন্তঃৰাষ্ট্ৰীয়কৃষিদৈনিক বাতৰি

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ভয়াবহ পৰিণতি, কঁপিছে বিশ্বৰ অৰ্থনীতি!

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ এতিয়া দুইখন দেশৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই। এই যুদ্ধই কপাঁইছে সমগ্ৰ বিশ্বৰ অৰ্থনীতি।

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ এতিয়া দুইখন দেশৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই। এই যুদ্ধই কপাঁইছে সমগ্ৰ বিশ্বৰ অৰ্থনীতি। ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বৃদ্ধি পাবলৈ ধৰিছে ঘেঁহুৰ মূল্য।

চীন-ভাৰতৰ পাছতেই সৰ্ববৃহৎ ঘেঁহু উৎপাদনকাৰী দেশ হ’ল ৰাছিয়া। লগতে ইউক্ৰেইনো ঘেঁহু উৎপাদনত আছে পঞ্চম স্থানত। গতিকে যুদ্ধৰ পৰিপেক্ষিতত প্ৰভাৱ পৰিছে ৰাছিয়া- ইউক্ৰেইনৰ ঘেঁহু ৰপ্তানিত।

উল্লেথ্য যে, বিশ্বব্যাপী ঘেঁহুৰ মূল্য বৃদ্ধি ১০ বছৰত সৰ্ব্বোচ স্তৰত উপনীত হৈছে। অকল ঘেঁহুৱে নহয়, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ ফলত অন্যান্য খাদ্য সামগ্ৰীও ৰপ্তানিৰ ক্ষেত্ৰতো বৃহৎ লোকচানৰ আশংকাত বিশ্ববাসী।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 9 =

Back to top button