Covid-19অসম

ৰাজ্য চৰকাৰক সহায়ৰ বাবে আগবাঢ়ি আহিল সদৌ অসম গাঁও পঞ্চায়ত সচিব সন্থা

ৰাজ্যত ক’ৰনা মহামাৰিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্য চৰকাৰক সহায়ৰ বাবে আগবাঢ়ি আহিল সদৌ অসম গাঁও পঞ্চায়ত সচিব সন্থা। সন্থাটো ক’ভিডৰ সৈতে মোকাবিলা কৰিব পৰাকৈ মূখ্যমন্ত্ৰী সাহায্য পুজিলৈ আগবঢ়াইছে এদিনৰ দৰমহা।

অসমৰ প্ৰায় ১৫০০খন গাঁও পঞ্চায়ত সচিবে মূখ্য মন্ত্ৰীৰ সাহায্য পূজিলৈ চলিত মে’ মাহৰ এদিনৰ দৰমহা প্ৰায় ২৯ লক্ষাধিক টকা ট্ৰেজাৰিৰ জৰিয়তে  আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে সদৌ অসম সচিব সন্থাৰ সভাপতি ইমতিয়াজুল ইচলাম আৰু সাধাৰণ সম্পাদক দীপক হাজৰিকাই। আনহাতে সন্থাটোৱে নৱ নিৰ্বাচিত ৰাজ্য চৰকাৰখনৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক শুভেচ্ছা জ্ঞাপন কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.