Covid-19অসমস্বাস্থ্য

স্বাস্থ্য খণ্ডৰ আজৱ কাণ্ড! একে দিনাই যুৱতীক প্ৰদান কৰিলে দুটাকৈ ক’ভিড প্ৰতিষেধক

বিশ্বনাথৰ বিহালী স্বাস্থ্য খণ্ডত ঘটিল এই আজৱ কাণ্ড

এইবাৰ বিহালী স্বাস্থ্য খণ্ডত ঘটিল হ’ল আজৱ কাণ্ড৷  স্বাস্থ্য খণ্ডৰ চৰম অমনোযোগীতাৰ বাবে এগৰাকী যুৱতীক একে দিনাই প্ৰদান কৰি হ’ল দুটাকৈ ক’ভিড প্ৰতিষেধক।

বিশ্বনাথৰ বিহালীত স্বাস্থ্য বিভাগে ক’ভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ গৈ সংঘটিত কৰিলে এক আজৱ ঘটনা। এগাৰকী যুৱতীক বিহালী স্বাস্থ্য খণ্ডই একেদিনাই প্ৰদান কৰিলে দুটাকৈ ক’ভিড প্ৰতিষেধক। যাৰ বাবে এতিয়া যুৱতীগৰাকীৰ স্বাস্থ্য অৱনতি ঘটাত আতংকিত হৈ পৰিছে যুৱতী গৰাকীৰ পৰিয়ালৰ লোক।

উল্লেখ যে, যোৱা মঙ্গলবাৰে বিশ্বনাথৰ আন আন স্থানৰ লগতে বিহালীৰ থান বিহালী প্ৰাথমিক বিদ্যালয়ত প্ৰদান কৰা হৈছিল কভিড প্ৰতিষেধক। সেই প্ৰতিষেধক ল’বলৈ গৈছিল থান বিহালীৰ মহৰম আলি আৰু মহৰম আলিৰ পৰিয়াল। মহৰম আলি আৰু পৰিয়ালৰ আন সদস্য সকলে প্ৰতিষেধক লৈ নিজ ঘৰলৈ উভতি আহে। কিন্তু মহৰম আলিৰ কন্যা মনিৰা খাতুনে অলপ পলমকৈ লৈছিল প্ৰতিষেধক। মনিৰা খাতুনে প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছত প্ৰতিষেধক লৈ থকা ঠাইত তুলাৰে মোহাৰি থকা অৱস্থাতে অইন এগৰাকী স্বাস্থ্যকৰ্মী আহি কোনো ধৰণৰ সোধা-পোছা নকৰাকৈয়ে পুনৰ মনিৰা খাতুনক প্ৰদান কৰিলে ক’ভিড প্ৰতিষেধক। এই ঘটনা পোহৰলৈ আহাত স্বাস্থ্যকৰ্মী বিষয়াই মনিৰা খাতুন আৰু পৰিয়ালক বুজ দি পঠিয়াই দিয়ে।

কিন্তু নিশাহে মনিৰা খাতুনৰ ঘৰত লাগিল হাহাঁকাৰ। দুটা প্ৰতিষেধক গ্ৰহন কৰা মনিৰা বেগমৰ স্বাস্থ্য অৱনতি ঘটে আৰু জঠৰ হৈ পৰে মনিৰা খাতুন৷ ঘৰৰ সদস্যৰ তৎপৰতাত মনিৰা খাতুনক পুৱা বিহালী স্বাস্থ্য কেন্দ্ৰলৈ নি চিকিৎসা কৰোৱাত বৰ্তমান স্বাস্থ্যৰ কিছু উন্নত হয় যদিও মনিৰা  বৰ্তমানেও সংকটমুক্ত নহয়৷ বৰ্তমান পৰিয়ালৰ লোক চিন্তিত হৈ পৰা পৰিলক্ষিত হয়৷

এতিয়া প্ৰশ্ন হয়, এনেদৰে চলি আছে নেকি গ্ৰামাঞ্চলৰ স্বাস্থ্যখণ্ড সমূহ৷ এইসকল বিবেচনাহীন স্বাস্থ্যকৰ্মীৰ বাবেই সাধাৰণ জনতাৰ বাবে ভাবুকি হৈ পৰিছে নেকি স্বাস্থ্যকেন্দ্ৰসমূহ৷

কাণ্ডজ্ঞানহীন কৰ্মীগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে বিহালী তথা বিশ্বনাথ স্বাস্থ্যখণ্ডই সেইয়া পৰবৰ্তী সময়তহে পৰিলক্ষীত হ’ব৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.