অসমস্বাস্থ্য

সমাজকৰ্মী বিৰুবালা ৰাভা এতিয়া শয্যাশায়ী

খাদ্যনলীৰ জটিল কৰ্কট ৰোগত আক্ৰান্ত বিৰুবালা ৰাভা

খাদ্যনলীৰ জটিল কৰ্কট ৰোগত আক্ৰান্ত সমাজকৰ্মী বিৰুবালা ৰাভা। অন্ধবিশ্বাস, ডাইনী হত্যাৰ বিৰুদ্ধে মাত মাতি এক সৱল ভূমিকা গ্ৰহণ কৰা বিৰুবালা ৰাভা এতিয়া শয্যাশায়ী।

চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা দুৰাৰোগ্য কৰ্কটৰ সৈতে যুঁজি থকা বিৰুবালা ৰাভা বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে।
চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁক এতিয়ালৈকে প্ৰদান কৰা হৈছে ৩১ টা Radiation Therapy। শীঘ্ৰেই তেওঁক প্ৰদান কৰা হ’ব আৰু ৪টা থেৰাপী। ১ জুলাইত অন্ত পৰিব বীৰুবালা ৰাভাৰ আন ৪টা Radiation Therapy।

উল্লেখযোগ্য যে, ১৫ বছৰতকৈ অধিক সময় ডাইনী হত্যাৰ বিৰুদ্ধে অসমত সজাগতাৰ সৃষ্টি কৰি আলোড়ন তোলা বীৰুবালা ৰাভাক ২০২১ৰ জানুৱাৰীত প্ৰদান কৰা হৈছিল দেশৰ চতুৰ্থ অসামৰিক সন্মান ‘পদ্মশ্ৰী’ সন্মান। ২০১৮ চনত তেওঁক প্ৰদান কৰা হৈছিল ‘Women’s World Summit Foundation(WWSF) বঁটা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.