Socialঅপৰাধস্বাস্থ্য

আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস:ড্ৰাগছৰ কৱলৰ পৰা মুক্ত হওক সমাজ

ড্ৰাগছৰ কৱলৰ পৰা সকলোকে উদ্ধাৰ কৰাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে ২৬ জুনত ড্ৰাগছ বিৰোধী দিৱস পালন

বৰ্তমান সময়ত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম। ড্ৰাগছৰ ভয়াৱহতাই সমাজখনত এনেদৰে শিপাই গৈছে, যাৰবাবে ধ্বংসৰ গৰাহলৈ ক্ৰমাৎ ঢাপলি মেলিছে এটা প্ৰজন্ম।

ড্ৰাগছৰ কৱলৰ পৰা সকলোকে উদ্ধাৰ কৰাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে ২৬ জুন অৰ্থাৎ আজিৰ দিনটোতে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস। ১৯৮৭ চনৰ ৭ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ ৰোধ কৰিবৰ বাবে ঘোষণা কৰিছিল এই বিশেষ দিনটো পালন কৰাৰ কথা।

এই বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ বিষয়বস্তু হৈছে, ‘ড্ৰাগছৰ ওপৰত তথ্য বিলোৱা আৰু জীৱন ৰক্ষা কৰা।’

এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ উদ্দেশ্যে পালন কৰা ড্ৰাগছ দিৱসে সজাগ কৰি তোলক যুৱ প্ৰজন্মক। এখন সুস্থ, সৱল সমাজ গঢ়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল’বলৈ আগবাঢ়ি আহক সমাজৰ প্ৰত্যেকজন সচেতন লোক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × two =

Back to top button