Covid-19অসমৰাজনৈতিক

বিৰোধীৰ তীক্ষ্ণ প্ৰশ্নবান, ৩ বজালৈ স্থগিত সদন

সদন আধাতে স্থগিত ৰখাৰ ঘোষণা কৰিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পঞ্চম দিন। বাজেট অধিৱেশনৰ পঞ্চম দিনটোত বিধানসভাৰ মজিয়াত ভেকচিন প্ৰদানক কেন্দ্ৰ কৰি সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ। ক’ভিড ভেকচিন সন্দৰ্ভত বিৰোধী বিধায়কে কৰা প্ৰশ্নত বিৰোধী দল আৰু শাসক পক্ষৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ। অৱশেষত সদন আধাতে স্থগিত ৰখাৰ ঘোষণা কৰিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

উল্লেখ্য যে, বিৰোধী বিধায়ক দেৱব্ৰত শইকীয়াই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক ক’ভিড ভেকচিন দিয়া সন্দৰ্ভত এক প্ৰশ্ন সোধে। বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰো সুন্দৰকৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। তেতিয়ালৈকে সকলো থিকেই আছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত শিশুৰ ভেকচিন আৰু ঘৰে-ঘৰে ভেকচিন দিয়াক লৈ বিৰোধী বিধায়কে সোধা প্ৰশ্নৰ পৰিণতিত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় বিধানসভাৰ মজিয়াত।

পৰৱৰ্তী সময়ত সদন আধাতে এৰি বিৰোধী বিধায়কে সদন ত্যাগ কৰে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হোৱাত সদন স্থগিত ৰখাৰ ঘোষণা কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.