অসমজন্তুবন্যপ্ৰাণী

কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ, জীৱন-মৃত্যুৰে যুঁজিছে বন্যহস্তীয়ে

ভালদৰে খোজ কাঢ়িব নোৱাৰা হাতীটোক লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাঙিঝৰাৰ ৰাইজ

জনাঞ্চলত গজৰাজ। আঘাতপ্ৰাপ্ত বন্যহস্তীৰ মুক্ত বিচৰণক লৈ শংকিত হৈ পৰিছে ৰাইজ। কিছুদিন ধৰি বিজনীৰ ৰাঙিঝৰাত এটা আঘাতপ্ৰাপ্ত বন্যহস্তীৰ মুক্ত বিচৰণে শংকিত কৰি তুলিছে ৰাইজক।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা আঘাতপ্ৰাপ্ত বন্যহস্তীয়ে মুক্ত বিচৰণ কৰিছে ৰাঙিঝৰাত। বহু দিন ধৰি আঘাতপ্ৰাপ্ত দেহেৰে হাতীটোৱে অনাই-বনাই ঘূৰি ফুৰিছে জনাঞ্চলত। কুকলং বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰাঙিঝৰা ফৰেষ্ট ভিলেজ আৰু খুংক্ৰাঝৰা অঞ্চলত কেইবাদিন ধৰি এটি আঘাতপ্ৰাপ্ত বনৰীয়া হাতীয়ে ঘূৰি ফুৰাৰ তথ্য পোহৰলৈ আহিছে।

কুম্ভকৰ্ণ নিদ্ৰাত থকা বন বিভাগৰ হাতত আঘাতপ্ৰাপ্ত হাতীটোৰ সম্পূৰ্ণ তথ্য থকাৰ পিছতো হাতীটো চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈ পৰিছে বনবিভাগ। চিকিৎসাৰ অভাৱত ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে হাতীটো। ভালদৰে খোজ কাঢ়িব নোৱাৰা হাতীটোক লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাঙিঝৰাৰ ৰাইজ।

বন বিভাগৰ হেমাহিৰ বাবেই এতিয়া চিকিৎসাৰ অভাৱত ক্ৰমান্বয়ে দুৰ্বল হৈ পৰা বনৰীয়া হাতীটোক যদি অতি সোনকালে চিকিৎসা প্ৰদান কৰা নহয়, তেন্তে স্বাস্থ্যৰ অধিক অৱনতি ঘটি মৃত্যুমুখত পৰিব এই হাতীটো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.