অসমখেলমনোৰঞ্জন

বক্সাৰ শিৱ থাপাৰ বক্সিং বিশ্ব চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

পাঁচবাৰৰ এছিয়ান পদক বিজয়ী শিৱ থাপা চলিত সংস্কৰণৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱাৰ পিছত দুটা বিশ্ব চেম্পিয়নশ্বিপ পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ বক্সাৰ হোৱাৰ পৰা অলপ দূৰত

পাঁচবাৰৰ এছিয়ান পদক বিজয়ী শিৱ থাপা চলিত সংস্কৰণৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱাৰ পিছত দুটা বিশ্ব চেম্পিয়নশ্বিপ পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ বক্সাৰ হোৱাৰ পৰা অলপ দূৰত।

সোমবাৰে অনুষ্ঠিত হোৱা প্ৰাক-কোৱাৰ্টাৰ মেচখনত অসমৰ ২৭ বছৰীয়া যুৱকজনে নিশাৰ ভাগত ফ্ৰান্সৰ লৌনেছ হামৰাউয়িক ৪-১ গ’লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। দহাত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ২০১৫ সংস্কৰণত থাপাই ব্ৰঞ্জৰ পদক জয় কৰিবলে সক্ষম হয়।

মঙলবাৰে নিশা থাপাই কোৱাৰ্টাৰ ফাইনেলত তুৰস্কৰ কেৰেম ওয়েজমেনৰ মুখামুখি হ’ব। থাপাৰ উপৰিও আজি সন্ধিয়া কোৱাৰ্টাৰ ফাইনেলত আৰু চাৰিজন ভাৰতীয়ই প্ৰতিদ্বন্দিতা কৰিব। তেওঁলোক ক্ৰমে, আকাশ কুমাৰ(৫৪ কিলোগ্ৰাম), নৰেন্দ্ৰ বেৰৱালে (+৯২ কিগ্ৰা), নিশান্ত দেৱ (৭১কিলোগ্ৰাম),সঞ্জিত (৯২ কিলোগ্ৰাম)।

স্বৰ্ণ পদক বিজয়ীসকলে ১০০,০০ আমেৰিকান ডলাৰো লাভ কৰাৰ বিপৰীতে ৰূপৰ পদক বিজয়ীসকলে ৫০,০০০আমেৰিকান ডলাৰ লাভ কৰিব। আনহাতে ব্ৰঞ্জ পদক বিজয়ীসকলে প্ৰত্যেকে ২৫,০০০ আমেৰিকান ডলাৰকৈ লাভ কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.