Covid-19

মৰাণবাসীৰ সুবিধাৰ্থে ৰাইজলৈ উপহাৰ এখন এম্বুলেঞ্চ

মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ প্ৰসংশনীয় পদক্ষেপ। মৰাণবাসীৰ সুবিধাৰ্থে ৰাইজলৈ উপহাৰ এখন এম্বুলেঞ্চ।

মহামাৰী কৰ’ণাই সমগ্ৰ দেশত সন্ত্ৰাসৰ সৃষ্টি কৰি থকাৰ মাজতে মৰাণ ব্যৱসায়ী সন্থাৰ প্ৰসংশনীয় পদক্ষেপে মৰাণ বাসীৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ কিছু অন্ত পৰিল।

কিয়নো দীৰ্ঘদিন ধৰি মৰাণবাসীয়ে ৰোগীসকলক অনা নিয়া কৰাৰ বাবে এম্বুলেঞ্চৰ অভাৱত আছিল। সোমবাৰে আনুষ্ঠানিকভাৱে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই ৰাইজৰ মাজলৈ মুকলি কৰি দিয়ে এম্বুলেঞ্চ খন।

অনুষ্টুপীয়াকৈ মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ কাৰ্যালয়ত ময়ূৰ বৰুৱাৰ সভাপতিত্বত এখন সভা আয়োজন কৰি ৰাইজলৈ উপহাৰ দিয়ে এম্বুলেঞ্চ খন। এই শুভ মূহুৰ্তত মৰাণ ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া পাপৰি বৰগোহাঁই উপস্থিত থাকি ব্যৱসায়ী সন্থাক ধন্যবাদ জ্ঞাপন কৰে।

সকলো ধৰণৰ সা-সুবিধাৰে পৰিপূৰ্ণ এম্বুলেঞ্চ ৰাইজৰ মাজলৈ আগবঢ়াই মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই কয় যে, ২৪ ঘণ্টাই উপলব্ধ হ’ব লগা এম্বুলেঞ্চ খনে মৰাণবাসীৰ বহু সমস্যা সমাধান কৰিব পাৰিব।

আনহাতে এম্বুলেঞ্চখনত সধাৰণ লোকৰ বাবে প্ৰতি কিলমিটাৰত ১৫ টকাকৈ ধাৰ্য্য কৰাৰ বিপৰীতে অতি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ব্যক্তি সকলৰ বাবে ৪০ শতাংশ ৰেহাই ব্যৱস্থা কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.