অসমঅসম আৰক্ষীগুৱাহাটীভাৰত
Trending

পুনৰ সংস্থাপনৰ দাবীৰে শিলসাঁকোত উচ্ছেদিত পৰিয়ালৰ প্ৰতিবাদ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ নচলিব আদি শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ

শুকুৰবাৰে শিলসাঁকো উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ আহ্বানত শিলসাঁকো উচ্ছেদিত প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীৰে চচলৰ ধৰ্ণা স্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

প্ৰতিবাদী সকলে আমাক মাটি লাগিবই, ক্ষতি পূৰণ আৰু সংস্থাপন অবিহনে আমি ক্ষান্ত নহও, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মিথ্যাচাৰ নচলিব আদি শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ।

উল্লেখ্য যে, উপযুক্ত ক্ষতি পূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত যোৱা তিনি বছৰ ধৰি উচ্ছেদিত ৰাইজে ধাৰাবাহিক ভাৱে আন্দোলন চলাই আহিছে। পুনৰ সংস্থাপনৰ দাবীত কেইবাখনো স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰীক প্ৰদান কৰিছিল উচ্চেদিত ৰাইজে।

চৰকাৰেও শিলসাঁকো উচ্ছেদিত ৰাইজক ক্ষতি পূৰণ আৰু পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু আজি পৰ্যন্ত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.