অসম

নিদ্ৰাৰত অৱস্থাত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু এজন লোকৰ

লংকাত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু লংকা পৌৰ সভাৰ প্ৰাপ্তন উপাধক্ষ্যৰ।  মৃত্যুৰ পিছত টেষ্টত পোহৰলৈ আহে ক’ভিডত মৃত্যু হোৱাৰ কথা।

ৰাজ্যত কৰ’ণাৰ সংহাৰী ৰূপ। দিনক দিনে ৰাজ্যত ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে বহুজন।  চকুৰ পচাৰতেই পৃথিৱীৰ পৰা নাইকীয়া হ’বলৈ লৈছে কিছু চিনাকী মূখ।

লংকাত পুনৰ ক’ভিডে প্ৰাণ কাঢ়িলে আন এজনৰ। লংকাৰ পাঞ্জাবীবস্তিৰ নিবাসী ত্ৰৈলোক্য সিংহই আজি নিজ গৃহত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু মূখত পৰে।

জানিব পৰা মতে,  পূৱা বহু সময়লৈকে ঘৰৰ কোঠাৰ পৰা শুই নুঠাত মানুহৰ সন্দেহ ওপজে। কোঠাৰ ভিতৰত চাবলৈ অহাত উক্ত ঘটনাটো পোহৰলৈ আহে। পিছত ঘটনাস্হলীত লংকা স্বাস্থ্য কৰ্মীৰ লোক উপস্হিত হৈ মৃত ত্ৰৈলোক্য সিংহক কভিড টেষ্ট কৰাত পজিটিভ অহাৰ লগতে তেওঁৰ পত্নীৰো কভিড পজিটিভ আহে। পিছত, স্বাস্থ্য কৰ্মীয়ে চৰকাৰী ক’ভিড নীতি-নিয়ম অনুসৰি ত্ৰৈলোক্য সিংহৰ মৃতদেহটো সৎকাৰৰ বাবে লৈ যায়।

উল্লেখ্য যে,  ত্ৰৈলোক্য সিংহ লংকাৰ শিখ সমাজৰ এজন আগশাৰীৰ আসনৰ ব্যক্তিৰ লগতে, বহু সৎ মনোবৃত্তিৰ লোক আছিল। লগতে তেওঁ আছিল লংকাৰ এজন প্ৰাক্তন ফূটৱলাৰ। এটা সময়ত তেওৰ ভৰিৰ যাদুত মুহিত হৈছিল বহু ক্ৰীড়া প্ৰেমী।

তেওঁৰ মৃত্যুত লংকাৰ শিখ সমাজৰ লগতে লংকাত শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুৰ সময়ত তেওঁৰ পত্নী,এজন পুত্ৰ,আৰু দুগৰাকী বিবাহিত জীয়াৰি এৰি থৈ যায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × four =

Back to top button