চীনবিশ্ব

চীনৰ চাইবাৰ আক্রমণক লৈ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়া!

চীনৰ সামৰিক বাহিনীৰ যোগেদি দেশত বিভিন্ন চাইবাৰ আক্রমণ চলি থকা বুলি জাপানে অভিযোগ উত্থাপন কৰিছে। তাৰ পিছতে বিশ্বজুৰি বিষয়টোক লৈ ব্যাপক চর্চা চলিছে৷

জাপানৰ আৰক্ষীৰ মুৰব্বী মিটছুহিৰো মাটছুম’টোৱে আনুষ্ঠানিকভাৱে দেশখনত চীনৰ চাইবাৰ আক্রমণকাৰীক চিনাক্ত কৰা বুলি ঘোষণা কৰিছে৷ ট’কিঅ’ৰ মেট্র’পলিটান আৰক্ষী বিভাগে ২০ এপ্রিলত চীনৰ এগৰাকী ছিষ্টেম ইঞ্জিনীয়াৰৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে৷

অৱশ্যে বেইজিং প্রশাসনে বাৰে বাৰে এই অভিযোগ অগ্রাহ্য কৰি আহিছে৷ কিন্তু শেহতীয়াকৈ জাপান আৰক্ষীৰ অভিযোগক গুৰুত্ব প্রদান কৰি বিশ্বৰ বিভিন্ন দেশে চীনৰ সামৰিক বিশেষজ্ঞসকলৰ ওপৰত কঠোৰ নজৰ ৰখাৰ দাবী তুলিছে৷

তাৎক্ষণিকভাৱে শেহতীয়া ঘটনাক লৈ বেইজিং প্রশাসনে প্রতিক্রিয়া প্রকাশ কৰা নাই যদিও এই ঘটনাই বিশ্ব সম্প্রদায়ৰ সৈতে চীনৰ মতানৈক্য বৃদ্ধিৰ  আশংকা আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.