অপৰাধঅৰ্থনৈতিকভাৰত

দৈনিক ভাস্কৰ সংবাদপত্ৰৰ কাৰ্যালয়ত আয়কৰ আৰু ED ৰ যৌথ মাৰাথন অভিযান

অভিযানত উদ্ধাৰ বহু আপত্তিজনক নথি পত্ৰ

দেশৰ আগশাৰী সংবাদপত্ৰ দৈনিক ভাস্কৰৰ কাৰ্যালয়ত আয়কৰ আৰু ED ৰ যৌথ মাৰাথন অভিযান৷ আয়কৰ ফাঁকি দিয়াৰ বাবে এই অভিযান৷

সংবাদ গোষ্ঠীটোৰ দিল্লী, ভূপাল, জয়পুৰ, আহমেদাবাদ, নয়দা, ইন্দোৰত থকা আঞ্চলিক কাৰ্যালয় সমুহত মাজ নিশাৰে পৰা অব্যাহত আছে তালাচী অভিযান৷ একেদৰে অভিযান চলাইছে কাকত গোষ্ঠীৰ স্বত্বাধিকাৰীৰ বাসগৃহটো৷ অভিযানত উদ্ধাৰ বহু আপত্তিজনক নথি পত্ৰ৷

উল্লেখ্য যে, দৈনিক ভাস্কৰ কাকত গোষ্ঠীয়ে কাকত প্ৰকাশৰ ব্যৱসায়ৰ সমান্তৰালভাৱে অন্যান্য ব্যৱসায় চলাই আহিছিল যদিও সেই তথ্যাৱলী আয়কৰ বিভাগক জনোৱা নাছিল৷ যাৰ বাবে ৰজু কৰা হৈছিল গোচৰ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + twelve =

Back to top button