শ্ৰেণীবিহীন
Trending

ডুবাইত পত্নী আৰু ১৭ বছৰীয়া জীয়ৰী আছে ছলমান খানৰ!

আৰৱাজ খানৰ অনুষ্ঠান 'PINCH'ত নিমন্ত্ৰণ জনোৱা হয় বলীউডৰ চেলিব্ৰেটীসকলক

এটা নতুন অনুষ্ঠানৰ সৈতে পুনৰ উভতি আহিছে আৰৱাজ খান। তেখেতৰ অনুষ্ঠান ‘PINCH’ত নিমন্ত্ৰণ জনোৱা হয় বলীউডৰ চেলিব্ৰেটীসকলক। য’ত হাঁহি-ধেমালিৰ মাজেৰে সময় পাৰ কৰে অভিনেতা-অভিনেত্ৰীসকলে। বুধবাৰে বলীউডৰ জনপ্ৰিয় অভিনেতা ভাইজান ছলমান খানে ভাতৃ আৰৱাজ খানৰ TALK SHOW ‘PINCH’ৰ Season-2ৰ প্ৰিমিয়াৰ অনুষ্ঠানত অতিথি হিচাপে ভুমুকি মাৰিছিল।

এই অনুষ্ঠানত অভিনেতাজনে তেখেতক লৈ কৰা বিভিন্ন সমালোচনাৰ উচিত প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হয়। যিবিলাক প্ৰশ্নক লৈ সততে মুখ নোখোলা অভিনেতাগৰাকীয়ে নিৰ্ভীকভাৱে এই অনুষ্ঠানত দি গৈছিল এটাৰ পাছত আনটো প্ৰশ্নৰ উত্তৰ।
কথোপকথনৰ মাজতে ছলমান খানৰ ভাতৃ আৰৱাজ খানে পঢ়ে এজন ব্যক্তিৰ টুইট। য’ত লিখা আছিল ছলমান খানৰ ডুবাইত থকা পত্নী নুৰ আৰু ১৭ বছৰীয়া জীয়ৰীৰ কথা। ব্যক্তিজনৰ টুইট শুনি হাঁহি ৰখাব পৰা নাছিল ছলমান খানে। হাঁহি-হাঁহি তেওঁ কয় যে,”এই লোকসকলে দেখোন সকলোবোৰ কথা ভালকৈ জানে। এইবোৰ অবান্তৰ প্ৰশ্ন। সকলোৱে জানে যে, মই ভাৰতৰ গেলেক্সী এপাৰ্টমেন্টত মোৰ দেউতাৰ স’তে থাকো।”

আনকি আন এজন ব্যক্তিয়ে ছলমান খানক ভুৱা মানুহ বুলি কোৱা কথাৰ প্ৰত্যুত্তৰ দি তেওঁ কয় যে, “তেখেতৰ কিজানি বেয়া অভিজ্ঞতা আছে, তেওঁৰ পত্নীয়ে মোক লৈ কিজানি দুটামান ভাল কমেন্ট কৰিছে অথবা তেওঁৰ জীয়ৰীয়ে মোৰ চিনেমা চাই ভাল পায়।”

সকলোৰে সমালোচনাৰ নিৰ্ভীকভাৱে ভাইজানে দিয়া উত্তৰ সঁচায়ে মানিবলগীয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.