অৰ্থনৈতিকআন্তঃৰাষ্ট্ৰীয়খেলজীৱনশৈলী

মেছিৰ চকু পানী বিক্ৰীৰ বাবে সাজু! দাম শুনিলে চকু কপালত উঠিব আপোনাৰ…

বাৰ্চিলোনাৰ হৈ অন্তিমখন সংবাদমেলত মেছিয়ে চকু পানী মচা টিছ্যু পেপাৰ বিক্ৰীৰ বাবে সাজু

বাৰ্চিলোনাৰ হৈ অন্তিমখন সংবাদমেলত বিদায় পৰত মেছিয়ে টিছ্যু পেপাৰেৰে চকু পানী মচিচিল। মেছিয়ে চকু পানী মচা সেই টিছ্যু পেপাৰখন এতিয়া ৭.৫ কোটি টকাত বিক্ৰীৰ বাবে সাজু।

বাৰ্চিলোনাৰ অন্তিমখন সংবাদমেলত বিদায় পৰত কাম্দিছিল মেছিয়ে। ২১ বছৰ এটা ক্লাবৰ হৈ খেলাৰ পিছত এখন ঘৰৰ দৰে, এটা পৰিয়ালৰ দৰে হৈ পৰা ক্লাবক এৰি থৈ অহাৰ সময়ত আৱেগিক হোৱাতো সাধাৰণ কথা। তেতিয়া পত্নী আন্তোনেলা ৰোকুছুৱে তেওঁৰ পিনে আগবঢ়াই দিছিল এখন টিছ্যু পেপাৰ। টিছ্যু পেপাৰখনেৰে মেছিয়ে তেওঁৰ আৱেগত ওলাই অহা চকুৰ পানীখিনি মচিছিল। সেই টিছ্যু পেপাৰখনেই এতিয়া ৭.৫ কোটি টকাত বিক্ৰীৰ বাবে সাজু।

সংবাদমেলৰ শেষত সকলো লোক ওলাই যোৱা পাছত উপস্থিত থকা এগৰাকী ব্যক্তিয়ে সেই টিছ্যু পেপাৰখন পাই উঠাই লয়। সেই ব্যক্তিগৰাকীয়েই বিক্ৰী কৰিব বিচাৰিছে টিছ্যুখন। তেওঁ কয় যে, সেই টিছ্যু পেপাৰখনত মেছিৰ জেনেটিক মেটেৰিয়েল আছে। যি জেনেটিক মেটেৰিয়েলৰ পৰা ক্ল’ন তৈয়াৰ কৰি মেছিৰ দৰেই আৰু এগৰাকী ফুটবলাৰ জন্ম দিব পাৰে বাৰ্চিলোনাই।

অনলাইনত বিক্ৰীৰ বাবে ৰখা টিছ্যুখনৰ মূল্য ১ মিলিয়ন ডলাৰ। যি ভাৰতীয় হিচাপত ৭ কোটি ৪৪ লাখ টকা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + eight =

Check Also
Close
Back to top button