Covid-19অসম

ক’ৰনাত পুনৰ এবাৰ নিঠৰুৱা হ’ল এহাল কিশোৰী

নিৰ্মম বাস্তৱৰ সন্মুখীন হ'ব লগীয়া হৈছে এই দুই কিশোৰী

ক’ৰনাই পুনৰ এবাৰ নিঠৰুৱা কৰিলে এহাল কিশোৰীক। দেৰগাঁৱৰ চকীয়াল গাঁৱৰ ভৱানীপুৰৰ ঐতিহ্যমণ্ডিত বুঢ়ী গোসাঁনী থানৰ সমীপৰ হৰি শৰ্মা আৰু মিনু শৰ্মাৰ দুইগৰাকী কন্যা এতিয়া নিঠৰুৱা হৈ পৰিছে। ৩বছৰৰ পুৰ্বে পৰিয়ালটোৰ মুল ব্যক্তি হৰি শৰ্মাৰ মৃত্যু হয়। পেছাত এগৰাকী পুৰোহিত আছিল হৰি শৰ্মা। হৰি শৰ্মাৰ মৃত্যুৰ আঠ দিনৰ পুৰ্বে ক’ৰনাত আক্ৰান্ত হৈ মৃত্যু ঘটে কিশোৰী দুগৰাকীৰ মাতৃ মিনু শৰ্মাৰো। মাতৃৰ মৃত্যুৰ পাছতেই এতিয়া দিশহাৰা হৈ পৰিছে দুই কিশোৰী।

ক’ৰনাত আক্ৰান্ত হৈ পৰিয়ালৰ মূল ব্যক্তিৰ মৃত্যু হোৱাৰ পাছত অভিভাৱক হীন হৈ পৰা সন্তান দুটিয়ে চৰকাৰৰ সাহাৰ্যৰ বাবে এতিয়া অপেক্ষাৰত।
মাতৃৰ মৃত্যুৰ পাছত মাঙ্গলিক কাজ কৰ্ম শেষ হোৱাৰ পাছতেই নিৰ্মম বাস্তৱৰ সন্মুখীন হ’ব লগীয়া হৈছিল এই দুই কিশোৰী। প্ৰতিৱেশী সকলৰো চৰকাৰলৈ অনুৰোধ, যাতে অসম চৰকাৰে দুই দুৰ্ভগীয়া কিশোৰীক চকু মেলি চায়। চৰকাৰী সাহাৰ্য প্ৰদান কৰি সহায় কৰক অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰা মানসী দেৱী আৰু মিনাক্ষী দেৱী নামৰ এই দুই ভগ্নীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.