অপৰাধঅসমস্বাস্থ্য

আকৌ ৰাজ্যত ধৰ্ষণ! ৯ বছৰীয়া কন্যা সন্তানক ধৰ্ষণ কৰিলে এজন ৪৫ বছৰীয়া পুৰুষে

 পক্স' আইনৰ অধীনত ৰুজু গোচৰ

মানৱতাক লজ্জানত কৰি ৯ বছৰীয়া কন্যা সন্তানক ধৰ্ষণ কৰিলে তামুলপুৰৰ  এজন ৪৫ বছৰীয়া লোকে।

যোৱা ২৫ জুনত সংঘটিত হৈছিল এই জঘন্য কাণ্ড। তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম ঝাৰগাঁৱৰ নিবাসী ব্ৰজেন কলিতা নামৰ লোকজনে ৯ বছৰীয়া কন্যা শিশুটিক ধৰ্ষণ কৰে।

শিশুটিয়ে ভায়েক এজনৰ লগত ঘৰৰ ওচৰতে মাছ মাৰিবলৈ যাওঁতে শিশুটিক শাৰীৰিক অতিশয্যা চলাইছিল নৰপিশাচটোৱে। দেওবাৰে হঠাৎ শিশুটি অসুস্থ হৈ পৰাত মাকক সমগ্ৰ ঘটনা বিৱৰি কয় সন্তানটোৱে আৰু ব্ৰজেন কলিতাৰ কু-কৰ্মৰ কথা পোহৰলৈ আহে। পৰিয়ালৰ লোকে দেওবাৰে নিশাই ঘটনা সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত নিশাই আৰক্ষীয়ে আটক কৰে পাষণ্ড ব্ৰজেন কলিতাক।

পক্স’ আইনৰ অধীনত ব্ৰজেনৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.