Government Schemeঅৰ্থনৈতিকঅসম

১৩ বছৰে বগা হাতীত পৰিণত হৈছে দৰঙৰ জলসিঞ্চন আঁচনি

প্ৰায় ৩৩ কোটি টকাৰ অভিলাষী প্ৰকল্পটোৰ কাম আৰম্ভ হৈছিল ২০০৮-০৯ বিত্তীয় বৰ্ষতে

বগা হাতীত পৰিণত হৈছে দৰঙৰ জলসিঞ্চন বিভাগৰ চমতীয়াপাৰা গাঁৱৰ ননৈ বোঁৱতী জলসিঞ্চন আঁচনিৰ মুখ্যদ্বাৰ৷

প্ৰায় ৩৩ কোটি টকাৰ অভিলাষী প্ৰকল্পটোৰ কাম কংগ্ৰেছ চৰকাৰৰ দিনতে ২০০৮-০৯ বিত্তীয় বৰ্ষত আৰম্ভ হৈছিল৷ ১৩ বছৰে ৫ শতাংশ কামো সম্পূৰ্ণ নহ’ল প্ৰকল্পটোৰ। সৰহ সংখ্যক ধন আত্মসাৎ কৰিলে নিৰ্মাণকাৰী সংস্থা আৰু বিভাগীয় বিষয়াই।

ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই বিধান সভাৰ মজিয়াত প্ৰকল্পটোৰ বিষয়ে কেইবাবাৰো উত্থাপিত কৰিছিল যদিও আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে৷

১৩ বছৰে জলসিঞ্চন বিভাগৰ মন্ত্ৰীসকল আহি ননৈ বোঁৱতী জলসিঞ্চন আঁচনিটো পৰিদৰ্শন কৰাৰ বাহিৰে আন একো কাম নহ’ল আঁচনিটোৰ। নিৰ্মাণৰ কাৰ্য আৰম্ভ কৰা ঠাই টুকুৰাত এতিয়া নাই নিৰ্মাণৰ কোনো চিন মোকাম। এটা বৃহৎ পুখুৰীৰ পৰিনত হৈছে নিৰ্মাণ কাৰ্য৷ অৱশ্যে একাংশ দুষ্ট চক্ৰৰ লোকে সেই বৃহৎ পুখুৰীটোত মাছ পালন কৰি মুনাফা আদায় কৰাৰ চেষ্টা চলোৱাৰ লগতে নিজা মালিকানাধীন কৰাৰ ষড়যন্ত্ৰ কৰা বুলি স্থানীয় লোকে জানিব দিয়ে ৷ আনহাতে প্ৰকল্পতোৰ বাবে কেইবালাখ টকাৰে এটি কাৰ্যালয় আৰু বিদ্যুত সংযোগৰ ব্যৱস্থা কৰিছিল যদিও গৃহটি এতিয়া পৰিতপ্ত অৱস্থাত আছে৷

বৃহত্তৰ অঞ্চলটিৰ খেতিয়ক ৰাইজৰ দিৰ্ঘদিনীয়া দাবীৰ পিছত উক্ত কোটিটকীয়া প্ৰকল্পটিৰ অনুমোদন কৰি ২০০৮-০৯ বৰ্ষত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে, বিভাগীয় কৰ্তৃপক্ষই দুই বছৰৰ ভিতৰত সম্পূৰ্ণ কৰি উলিয়াবলৈ সময়সীমা বান্ধি দিয়া বান্ধটোৰ কাম ১৩ বছৰৰ পিছতো সম্পূৰ্ণ হৈ নুঠিল। বান্ধটিৰ নামত ধাৰ্য কৰা ধনৰ সিংহভাগ ধনেই আত্মসাৎ কৰা হল । আধৰুৱা বান্ধটিৰ ঠিকাদাৰে কৰা খনন কাৰ্য বাবে প্ৰতিটো বাৰিষা ৰাইজে ভুগিছে জীয়াতু । সেয়ে সমগ্ৰ বিষয়টিৰ ওপৰত উচিত তদন্ত কৰি দোষী ব্যক্তিক চিনাক্ত কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বান্ধটিৰ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে আছুৱে ৷ কিয়নো পূৰ্বতে তিনিগৰাকী মন্ত্ৰী নুৰজামাল চৰকাৰ , ৰঞ্জিত দত্ত আৰু ভৱেশ কলিতাই আঁচনিতো পৰিদৰ্শন কৰি দূৰ্নীতিত জড়িত বিষয়া সকলৰ ওপৰত ব্যৱস্থা গ্ৰহনৰ লগতে শীঘ্ৰে সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৰাইজক ৷ তিনি মন্ত্ৰীৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰল ৷ সেয়েহে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ এক উচ্চ পৰ্যায়ৰ  তদন্তৰ জৰিয়তে দোষীক আইনী ব্যৱস্থাৰ জড়িয়তে শাস্তি প্ৰদান কৰি আঁচনিটোৰ কাম সম্পূৰ্ণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজ আৰু দৰং আছুৱে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − six =

Back to top button