Covid-19জীৱনশৈলীবিজ্ঞানস্বাস্থ্য

জিন গৱেষকৰ চাঞ্চল্যকৰ তথ্য! ২০,০০০ বছৰৰ পুৰ্বেও সংহাৰৰ সৃষ্টি কৰিছিল কৰ’নাই

বিশ্ব বিখ্যাত বিজ্ঞান পত্ৰিকা ‘কাৰেণ্ট বায়’ল’জি’ত সবিস্তাৰে প্ৰকাশ এই তথ্য

সমগ্ৰে বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহাব্যাধি কৰ’নাৰ আৰ্বিভাৱ এইয়াই প্ৰথম নহয়। আজিৰ পৰা ২০,০০০ বছৰ পুৰ্বেও কৰ’নাই সংহাৰৰ সৃষ্টি কৰিছিল। বিশেষকৈ পূব এছিয়াত।

অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ বিজ্ঞানীৰ এটা দলে চলোৱা গৱেষণাত এই কথা পোহৰলৈ আহিছে। আজিৰ পৰা ২০,০০০ বছৰ পুৰ্বে কৰ’না ভাইৰাছে অকল ত্ৰাসৰ সৃষ্টি কৰাই নহয়, মানুহৰ শৰীৰত স্থায়ী জিনীয় পৰিৱৰ্তনো সাধন কৰিছিল।

জিন গৱেষকৰ চাঞ্চল্যকৰ তথ্য! ২০,০০০ বছৰৰ পুৰ্বেও সংহাৰৰ সৃষ্টি কৰিছিল কৰ’নাই

পূব এছিয়াৰ কমেও ২৬ টা জনগোষ্ঠীৰ ২৫০০ গৰাকী লোকৰ শৰীৰৰ জিনৰ বিশ্লেষণ কৰি গৱেষকৰ দলটোৱে ২০ হাজাৰ বছৰৰ পূৰ্বে কৰ’নাই মানৱ দেহৰ জিনীয় প্ৰক্ৰিয়াত অনা পৰিৱৰ্তনৰ কথা প্ৰমাণিত কৰিছে। ২০ হাজাৰ বছৰৰ আগতে ক’ভিডত আক্ৰান্ত হোৱা লোকসকলৰ শৰীৰত যি জিনীয় পৰিৱৰ্তন হৈছিল, সেই পৰিৱৰ্তন এতিয়াৰ লোকসকলৰ জিনতো দেখা যায় বুলি গৱেষকৰ দলটোৱে প্ৰকাশ কৰিছে।

বিশ্ব বিখ্যাত বিজ্ঞান পত্ৰিকা ‘কাৰেণ্ট বায়’ল’জি’ত গৱেষকৰ দলটোৱে লাভ কৰা গৱেষণাৰ তথ্যসমুহ সবিস্তাৰে প্ৰকাশ কৰিছে।

তেওঁ লগতে কয় যে, ভাইৰাছে সময়ে সময়ে ইয়াৰ চৰিত্ৰৰ সলনি কৰে। গতিকে ক’ভিডেও সময়ৰ লগত চৰিত্ৰৰ কিছু সলনি ঘটাইছে।

গৱেষকৰ দলটোৱে এই গৱেষণাত চীন, ভিয়েটনাম, জাপান আদি দেশৰ লোকৰ জিন ছিকুৱেন্সি পৰীক্ষা কৰিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 2 =

Back to top button