অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডতকৈও ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত!

শ্ৰদ্ধা হত্যাকাণ্ডতকৈও ভয়ংকৰ ঘটনা গুৱাহাটীত... স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা টকুৰকৈ কাটিলে বন্দনা কলিতাই

দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডতকৈও ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত! এগৰাকী মহিলাই স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা–টুকুৰকৈ কাটিলে মৃতদেহ। পিছত মৃতদেহৰ টুকুৰাবোৰ পেলাই দিছিল মেঘালয়ত।

প্ৰায় ছমাহ পূৰ্বে সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা। অভিযোগ অনুসৰি, পৰকীয়া প্ৰেম আৰু ধনৰ লালসাতে মহিলাগৰাকীয়ে এই ঘটনা সংঘটিত কৰিছিল। পৰকীয়া প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ সৈতে মিলি স্বামী আৰু শাহুৱেকক নৃশংসভাৱে হত্যা কৰিছিল মহিলাগৰাকীয়ে।

২০২২ চনৰ আগষ্ট মাহত মাতৃ–পুত্ৰ নিৰুদ্দেশ হোৱা বুলি নুনমাটি থানাত মহিলাগৰাকীয়ে দাখিল কৰিছিল এজাহাৰ। তাৰ পিছতে তদন্তত নামি পৰিছিল আৰক্ষী। কিন্তু এই ঘটনাৰ কোনো ক্লু পোৱা নাছিল। কিন্তু কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে পুনৰ এখন এজাহাৰ দাখিল কৰে শাহুৱেকৰ একাউণ্টৰ পৰা কোনো লোকে ধন উলিওৱা বুলি।

কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল যে এজাহাৰকাৰী বন্দনা কলিতাইহে একাউণ্টৰ পৰা উলিয়াইছিল ধন। লগে লগে আৰক্ষীয়ে বন্দনা কলিতাক আটক কৰি জেৰা আৰম্ভ কৰে। সেই জেৰাত পোহৰলৈ আহিল হৃদয় কঁপোৱা চাঞ্চল্যকৰ ঘটনা।

অভিযুক্ত মহিলাগৰাকীৰ নাম বন্দনা কলিতা। বন্দনাই দ্বিতীয়বাৰ দাখিল কৰা এজাহাৰখনৰ তদন্ত কৰি আৰক্ষীয়ে উন্মোচন কৰিলে সেই ভয়ংকৰ ঘটনা। আৰক্ষীৰ জেৰাত মহিলাগৰাকীৰ মুখৰ পৰা ওলাল স্বামী আৰু শাহুক হত্যা কৰাৰ ভয়ংকৰ সত্য। তাৰ পিছতে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বন্দনাৰ লগতে হত্যাকাণ্ডত সহযোগ কৰা পৰকীয়া প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

হত্যাৰ বলি হোৱা বন্দনাৰ স্বামীৰ নাম অমৰজ্যোতি দে’ আৰু শাহুৰ নাম শংকৰী দে’। অভিযোগ মতে, দুয়োকে হত্যা কৰি বন্দনাই টুকুৰা–টুকুৰ কৰি কাটিছিল মৃতদেহ। তাৰ পিছত মৃতদেহৰ টুকুৰাবোৰ পেলাই দিছিল মেঘালয়ত। পৃথক পৃথক স্থানত পেলোৱা মৃতদেহৰ টুকুৰাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই ঘটনাই কঁপাই গৈছে গুৱাহাটী মহানগৰীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.