অসম

মাত্ৰ দহ মিনিটত মুখেৰে ওলোটাকৈ অংকন কৰিলে ড০ হিমন্ত বিশ্ব শর্মাৰ ছবি

চিৰাঙৰ বাসুগাঁও চহৰৰ এগৰাকী যুৱ চিত্রশিল্পী সৌৰভ মণ্ডলে (২২) অগতানুগতিক শৈলীৰে চিত্র অংকন কৰি সম্প্রতি ব্যাপক চর্চা লাভ কৰিছে৷ বাসুগাঁও চহৰৰ ১নং ৱার্ডৰ সুভাষ নগৰৰ বাসিন্দা তথা বিদ্যুৎ বিভাগৰ অৱসৰপ্রাপ্ত কর্মচাৰী সাধন মণ্ডল আৰু শিক্ষয়িত্রী বুলু মণ্ডলৰ একমাত্র পুত্র সৌৰভ মণ্ডলে মুখত তুলিকা লৈ মাত্র দহ মিনিটৰ ভিতৰত ওলোটাকৈ অংকন কৰিছিল ৰাজ্যৰ নৱনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ছবি৷ যোৱা ১৪ মে’ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক শুভেচ্ছা বার্তা জনাই নিজৰ ইউটিউব চেনেলত আপলোড কৰিছিল ছবিখন৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে্  মুখ্যমন্ত্রীগৰাকীয়ে ১৫ মে’ত টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্রামত প্রতিক্রিয়া ব্যক্ত কৰি শিল্পী সৌৰভ মণ্ডলৰ এই অসামান্য প্রতিভাৰ প্রশংসা কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × one =

Back to top button