বলিউড

কিহৰ বাবে চিৰ কুমাৰী হৈ ৰ’ল লতা মংগেশকাৰ?

কিন্তু ওৰে জীৱন অকলেই জীৱন কটাবলগীয়া হ'ল লতা মংগেশকাৰ।জীৱনটো সংগীতৰ বাবে উচৰ্গিত কৰা লতাজীয়ে কিয় ওৰে জীৱন হৈ ৰ'ল অকলশৰীয়া?

লতা মাংগেশকাৰ। যাৰ কণ্ঠত আছিল যাদু। যি কণ্ঠই সকলোকে কৰি তুলিছিল আপ্লুত। যি কণ্ঠত সকলোৱে বিচাৰি পাইছিল আৱেগ। সেই লতাজী, যি লতাজীৰ গান শুনি বহুতেই পাৰ কৰিছিল জীৱনৰ সোণসেৰীয়া দিন-সেই লতাজী আৰু নাই। ৯২ বছৰ বয়সত ৬ ফেব্ৰুৱাৰীৰ দিনা পুৱা মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে লতা মংগেশকাৰে।

সুৰ সম্ৰাজ্ঞী লতাজীৰ কণ্ঠই সকলোৰে হৃদয়ত প্ৰৱেশ কৰিছিল। কিন্তু ওৰে জীৱন অকলেই জীৱন কটাবলগীয়া হ’ল লতা মংগেশকাৰে।জীৱনটো সংগীতৰ বাবে উচৰ্গিত কৰা লতাজীয়ে কিয় ওৰে জীৱন হৈ ৰ’ল অকলশৰীয়া? লতাজীৰ জীৱনলৈ প্ৰেম আহিছিলনে? সকলোৰে মনত উদয় হয় এই প্ৰশ্নৰ। সুৰৰ মহাৰাণীগৰাকীৰো হৈছিল প্ৰেম। কিন্তু বিবাহৰ মজিয়ালৈ আহিব পৰা নাছিল তেখেতৰ প্ৰেমিক।

লতা মাংগেশকাৰৰ প্ৰেমত পৰিছিল ৰাজস্থানৰ এটা ৰাজকীয় পৰিয়ালৰ ক্ৰিকেটাৰ, BCCIৰ পূৰ্বৰ অধ্যক্ষ ৰাজ সিং ডুংগাৰপুৰ। আনকি এবাৰ প্ৰেমিকৰ ক্ৰিকেট খেল চাবলৈ ষ্টেডিয়ামলৈও গৈছিল লতা মংগেশকাৰ। দুয়োৰে মাজত আছিল প্ৰেমৰ গভীৰ সম্পৰ্ক। কিন্তু ৰাজকীয় পৰিয়ালৰ হোৱাৰ বাবে ৰাজ সিঙে পৰিয়ালৰ কিছু অসুবিধাৰ বাবে বিয়াৰ পৰ্যায়লৈ যাব নোৱাৰিলে।

যাৰবাবে, চিৰদিনৰ বাবে ৰাজ সিং আৰু লতা মংগেশকাৰ- দুয়োয়ে অবিবাহিত হৈ থকাৰ পণ লয়। আনকি চিৰজীৱন বন্ধু হৈয়ে থাকে দুয়ো। ২০০৯ চনত ৰাজ সিং ডুংগাৰপুৰে পৃথিৱীৰ পৰা মেলানি মাগে। লতা মাংগেশকাৰে তেখেতৰ নাম Mithoo ৰাখে, কিয়নো ৰাজ সিঙে তেখেতক মৰমতে মিথু বুলি মাতিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.