আঞ্চলিক

আজি লতা মংগেশকাৰৰ প্ৰথম মৃত্যুবাৰ্ষিকী; বলুকা শিল্পৰে শ্ৰদ্ধাঞ্জলি সুদৰ্শন পট্টনায়কৰ।

ভাৰত ৰত্ন লতা জী, মেৰী আৱাজ হি পেহেচান হে"ৰ বাৰ্তাৰে নিৰ্মাণ কৰি উলিয়াই লতা মংগেশকাৰৰ বলুকা ভাস্কৰ্য।

আজি কোকিলকণ্ঠী গায়িকা তথা ভাৰতৰত্ন লতা মংগেশকাৰৰ মৃত্যুবাৰ্ষিকী। ২০২২ চনৰ আজিৰ তাৰিখতে ৯২ বছৰ বয়সতমুম্বাইত শেষ নিশ্বাস ত্যাগ কৰিছিল গায়িকাগৰাকীয়ে৷ লতা মংগেশকাৰৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে দেশজুৰি জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি।

আন্তৰ্জাতিক বালি শিল্পী সুদৰ্শন পট্টনায়কে ৫ ফেব্ৰুৱাৰীত উৰিষ্যাৰ পুৰী সমুদ্ৰত লতা মংগেশকাৰৰ বালিৰ ভাস্কৰ্যৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰত ৰত্ন লতা জী, মেৰী আৱাজ হি পেহেচান হে”ৰ বাৰ্তাৰে নিৰ্মাণ কৰি উলিয়াই লতা মংগেশকাৰৰ বলুকা ভাস্কৰ্য। পট্টনায়কে প্ৰায় ৫ টন বালি ব্যৱহাৰ কৰি প্ৰয়াত গায়কৰ এটা ৬ ফুট ওখ বালিৰ ভাস্কৰ্য সৃষ্টি কৰিছে। এতিয়ালৈকে পদ্মা বঁটা প্ৰাপ্ত শিল্পী সুদৰ্শনে বিশ্বজুৰি ৬৫টাতকৈয়ো অধিক আন্তঃৰাষ্ট্ৰীয় বালিৰ কলা প্ৰতিযোগিতা আৰু উৎসৱত অংশগ্ৰহণ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.