ইণ্ডোনেছিয়ান

পানীত ডুবিছে জাকাৰ্টা! স্থানান্তৰ কৰা হ’ল ইণ্ডোনেছিয়াৰ ৰাজধানী

২০২২ বৰ্ষৰ প্ৰথম ভাগতে আৰম্ভ হ'ব ৰাজধানী স্থানান্তৰ কৰাৰ কাম। ২০২৪ চনৰ ভিতৰত সম্পন্ন হ'ব এই কাম।

ইণ্ডোনেছিয়াই সলনি কৰিলে ৰাজধানী। ইণ্ডোনেছিয়াৰ সংসদে ৰাষ্ট্ৰখনৰ ৰাজধানীৰ স্থান সলনি কৰাৰ ক্ষেত্ৰত প্ৰণয়ন কৰিছে বিশেষ আইন। বহু বছৰ ধৰি ইণ্ডোনেছিয়াৰ ৰাজধানী স্থানান্তৰক লৈ উত্থাপিত হৈ আহিছিল প্ৰশ্নৰ।

চৰকাৰৰ সিদ্ধান্ত অনুসৰি নুচানতাৰা হ’ব ইণ্ডোনেছিয়াৰ নতুন ৰাজধানী। ২০২২ বৰ্ষৰ প্ৰথম ভাগতে আৰম্ভ হ’ব ৰাজধানী স্থানান্তৰ কৰাৰ কাম। ২০২৪ চনৰ ভিতৰত সম্পন্ন হ’ব এই কাম।

উল্লেখ্য যে, ২০১৯ চনতে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জক’ উইড’ড’ৱে পোনপ্ৰথমবাৰৰ বাবে ঘোষণা কৰিছিল এই প্ৰকল্পৰ কথা। জাকাৰ্টাৰ উত্তৰ অংশ, যি জাভা সাগৰৰ সৈতে মিলিত হৈ আছে, সেই অংশ প্ৰতিবছৰে ২৫ ছেন্টিমিটাৰকৈ ডুব গৈছে। যাৰ ফলত প্ৰভাৱিত হৈছে চহৰখনত বাস কৰা প্ৰায় ১০ মিলিয়ন লোক। যাৰবাবে ইণ্ডোনেছিয়াৰ চৰকাৰে অৱশেষত গ্ৰহণ কৰিলে জাকাৰ্টাৰ পৰা নুচানতাৰালৈ ইণ্ডোনেছিয়াৰ ৰাজধানী স্থানান্তৰ কৰাৰ এই বিশেষ সিদ্ধান্ত।

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.