AssamCity newsEducationInternationalleatest updateঅসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিপৰিৱেশবিশ্বভাৰতশ্ৰেণীবিহীন

মেলেৰিয়া দিৱস কেতিয়া পালন কৰা হয়? এই ৰোগৰ ইতিহাস কি? সবিশেষ জানো আহক…….. মেলেৰিয়া হ’ব পাৰে নেকি মৃত্যুৰ কাৰণ?

আজি বিশ্ব মেলেৰিয়া দিৱস উদযাপন।  মেলেৰিয়া হৈছে এক জীৱন সংকটজনক ৰোগ – যি সংক্রমিত মাইকী এনোফিলিছ মহৰ কামোৰৰ ফলত হয়। বৰষুণ বা পৰিৱেশত আৰ্দ্ৰতাৰ বাবে মেলেৰিয়া মহ বাঢ়িবলৈ আৰম্ভ কৰে আৰু এই ৰোগ বিয়পি পৰে। প্ৰত্যেক বছৰে ২৫ এপ্ৰিলত ভয়াৱহ ৰোগ মেলেৰিয়া বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয়। মেলেৰিয়াৰ গুৰুতৰ ক্ষেত্ৰত শিশুৰ বাবে মাৰাত্মক হ’ব পাৰে। মেলেৰিয়াৰ কিছুমান সাধাৰণ লক্ষণ হ’ল জ্বৰ, মূৰৰ বিষ, বমি, ঠাণ্ডা, ভাগৰুৱা, মূৰ ঘূৰোৱা, পেটৰ বিষ। সাধাৰণতে মেলেৰিয়াৰ চিকিৎসাত প্ৰায় দুসপ্তাহমান ঔষধ সেৱন কৰিবলগীয়া হয়। এই ৰোগক আওকাণ কৰিলেও মাৰাত্মক হ’ব পাৰে। প্ৰতি বছৰে ভাৰতত হাজাৰ হাজাৰ মেলেৰিয়া ৰোগীৰ খবৰ পোৱা যায় আৰু মেলেৰিয়াৰ বাবে বহু ৰোগীৰ মৃত্যু হয়। মেলেৰিয়াৰ ভয়াৱহতা আৰু ইয়াৰ পৰা কেনেকৈ ইয়াৰ পৰা হাত সাৰিব পাৰি সেই বিষয়ে সজাগতা সৃষ্টিৰ বাবে বিশ্বজুৰি মেলেৰিয়া দিৱস পালন কৰা হয়। সবিশেষ জানো আহক।

মেলেৰিয়া দিৱস কেতিয়া পালন কৰা হয়?

২৫ এপ্রিলত সমগ্র বিশ্বতে বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয়। এই দিৱস উদযাপন ২০০৭ চনৰ পৰা আৰম্ভ কৰা হৈছিল।

মেলেৰিয়া দিৱসৰ ইতিহাস?

বিশ্ব স্বাস্থ্য সংস্থাই ২০০৭ চনত বিশ্বজুৰি মেলেৰিয়া দিৱস পালন কৰাৰ সিদ্ধান্ত লয়। প্ৰথমবাৰৰ বাবে আফ্ৰিকাৰ দেশসমূহত মেলেৰিয়া দিৱস পালন কৰা হয়। সেই সময়ত আফ্রিকান দেশসমূহত মেলেৰিয়া মৃত্যুৰ অন্যতম কা আছিল আৰু এই মৃত্যুৰ পৰিসংখ্যা হ্রাস কৰাৰ লক্ষ্য মেলেৰিয়া দিৱস আৰম্ভ কৰা হৈছিল।

মেলেৰিয়া দিৱস উদযাপনৰ উদ্দেশ্য:

আফ্রিকা পর্যায়ত মেলেৰিয়া দিৱসৰ আয়োজনৰ পৰিপ্ৰেক্ষিতত ২০০৭ চনত বিশ্ব স্বাস্থ্য সংস্থাই এখন বৈঠকত এই দিৱস উদযাপন কৰাৰ কথা ঘোষণা কৰিছিল, যাতে এই বিপজ্জনক ৰোগ আৰু মেলেৰিয়া ৰোগৰ ফলত লাখ লাখ লোকৰ মৃত্যুৰ হোৱা বাবে প্ৰতি বছৰে এই ৰোগ প্ৰতিৰোধ কৰাৰ লগতে মানুহক মেলেৰিয়াৰ বিষয়ে সজাগ কৰা উদ্দেশ্যে এই দিৱস পালন কৰা।

মেলেৰিয়া দিৱসৰ থিম:

প্ৰতি বছৰে বিশ্ব স্বাস্থ্য সংস্থাই মেলেৰিয়া দিৱসৰ বিশেষ বিষয়বস্তুৰ ওপৰত এক কাৰ্যসূচী আয়োজন কৰে। এইবাৰ ২০২৩ চনৰ মেলেৰিয়া দিৱসৰ বিষয়বস্তু হৈছে ‘মেলেৰিয়াৰ বিৰুদ্ধে যুঁজিবলৈ সাজু’ (Ready To Combat Malaria)। এই বিষয়বস্তুৰ উদ্দেশ্য হৈছে মেলেৰিয়াৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হ’বলৈ মানুহক সজাগ কৰা।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 3 =

Back to top button