অসমধৰ্মীয়ধাৰ্মিকবিশ্বভাৰতমনোৰঞ্জন

মহাশিৱৰাত্ৰিত ভগৱান শিৱক কি কি আগবঢ়াব আপুনি?

সন্ধিয়া ৬ বাজি ৪০ মিনিটৰ পৰা আৰম্ভ হ’ব শিৱৰাত্ৰিৰ শুভ লগ্ন

আজি মহা শিৱৰাত্ৰি। সন্ধিয়া ৬ বাজি ৪০ মিনিটৰ পৰা আৰম্ভ হ’ব শিৱৰাত্ৰিৰ শুভ লগ্ন। হিন্দু বিশ্বাস অনুসৰি ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ বিবাহ এই দিনটোতে হৈছিল। ভগৱান শিৱৰ কৃপা আৰু আৰ্শীবাদ পাবলৈ মহাশিৱৰাত্ৰিৰ দিনটোক অতি বিশেষ বুলি গণ্য কৰা হয়।

কি কি পদ্ধতিৰে শিৱ পূজা কৰিব-

মহাশিৱৰাত্ৰিৰ দিনা পঞ্চমৃতৰে ভগৱান শংকৰৰ মূৰ্তি স্নান কৰক। ইয়াৰ পিছত ৮ টা পাত্ৰত কেশৰ পানী আগবঢ়াব। বেলপাত, ভাং, ধতুৰা, চুপাৰিৰ ৰস, তুলসী, জাইফল, কমল গট্টা, ফলমুল, মিঠাই, মিঠা পান, সুগন্ধি আৰু দক্ষিণা আগবঢ়াব। কেশৰযুক্ত ক্ষীৰ আগবঢ়াই প্ৰসাদ বিতৰণ কৰক। মহাশিৱৰাত্ৰিত শিৱ পুৰাণ পঢ়ক।

শিৱৰাত্ৰিত শিৱক কি কি আগবঢ়াব-

তিনিটাবেলপাত সহ বেলপাত্ৰ অৰ্পণ কৰক। গাখীৰৰ লগত ভাং মিহলাই শিৱলিঙ্গক আগবঢ়াই দিব। ধতুৰা আৰু চুপাৰিৰ ৰস আগবঢ়াওক। এইটো কৰিলে জীৱনত সুখ বৃদ্ধি পায় বুলি বিশ্বাস আছে। গংগাজল পানীত মিহলাই শিৱলিঙ্গক অৰ্পণ কৰক। ইয়াৰ ফলত মনৰ অস্থিৰতা দূৰ হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.