Covid-19খেলস্বাস্থ্য

অলিম্পিকত কোনো খেলুৱৈ কৰ’ণাত আক্ৰান্ত হোৱা এইটো প্ৰথম ঘটনা পোহৰলৈ আহিছে

অহা সপ্তাহৰ পৰা হ’বলগীয়া অলিম্পিকৰ পৰা আঁতৰাই ৰখা হৈছে ষ্টেডিয়ামৰ দৰ্শনাৰ্থীসকলক

অলিম্পিকত কোনো খেলুৱৈ কৰ’ণাত আক্ৰান্ত হোৱা এইটো প্ৰথম ঘটনা  পোহৰলৈ আহিছে। ইয়াৰ পূৰ্বে শনিবাৰে অলিম্পিক আয়োজনৰ সৈতে জড়িত এজন লোক কৰ’ণাত আক্ৰান্ত হৈছিল। অলিম্পিক ভিলেজত সেইটো আছিল কৰ’ণাৰ প্ৰথম ঘটনা।

নিউজ এজেন্সি এ এফ পিয়ে এই কথা জনায় যে, টকিঅ’ অলিম্পিক ভিলেজত এইবাৰ দুগৰাকী এথলীট কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা জানিব পৰা গৈছে। পিছে এতিয়ালৈকে খেলুৱৈ দুগৰাকীৰ নাম জানিব পৰা হোৱা নাই।

কৰ’ণা মহামাৰীৰ বাবে টকিঅ’ অলিম্পিক, ২০২০ পিছুৱাই দিয়া হৈছিল। অহা সপ্তাহৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্বৰ সৰ্ববৃহত প্ৰতিযেগিতাখনৰ পৰা আঁতৰাই ৰখা হৈছে ষ্টেডিয়ামৰ দৰ্শনাৰ্থীসকলক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.