বিশ্ব

৩ বছৰৰ পিছত এছিয়া কাপত বিৰাট কোহলীৰ অভিলেখ!

সুদীৰ্ঘ ১০২১ দিনৰ মূৰত শতক কিং কোহলীৰ৷ আফগানিস্তানৰ বিৰুদ্ধে ৬১টা বলত ১২২ৰান সংগ্ৰহ

এছিয়া কাপত বিৰাট কোহলীৰ অভিলেখ!

সুদীৰ্ঘ ১০২১ দিনৰ মূৰত শতক কিং কোহলীৰ৷ আফগানিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীয়ে ১২টা চাৰি আৰু ছয়টা ছয়ৰ সহায়ত ৬২টা বলত ১২২ ৰান সংগ্ৰহ কৰে । আফগানিস্তানৰ বিৰুদ্ধে শতকীয় ইনিংছ খেলি ক্ৰিকেটত ৭১টা শতক অৰ্জনৰ গৌৰৱ অৰ্জন কৰিলে কোহলীয়ে। এছিয়া কাপত টীম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলেও আফগানিস্তানৰ বিৰুদ্ধে অভিলেখ ৰচিলে বিৰাট কোহলীয়ে। কোহলীয়ে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনয়াক ৰিকি পণ্টিঙৰ অভিলেখ স্পৰ্শ কৰিলে।

বৰ্তমান সময়ত সৰ্বাধিক শতক অৰ্জনৰ তালিকাৰ দ্বিতীয় স্থানত অন্তৰ্ভুক্ত হ’ল কোহলী। কোহলীৰ সন্মুখত এতিয়া কেৱল ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰহে আছে। তেণ্ডুলকাৰে মুঠ ১০০টা শতক অৰ্জনেৰে ইতিহাস গঢ়ি থৈছে।

বিগত প্ৰায় ৩ বছৰৰ পিছত এইটো কোহলীৰৰ প্ৰথম শতক। বিৰাট কোহলীয়ে ১২টা চাৰি আৰু ছয়টা ছয়ৰ সহায়ত ৬২টা বলত ১২২ ৰান সংগ্ৰহ কৰে আৰু ২০১৯ চনৰ নৱেম্বৰৰ পিছত কোহলীয়ে প্ৰথমবাৰৰ বাবে শতক কৰিবলৈ সক্ষম হয়।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button