Internationalleatest updateঅসমদৈনিক বাতৰিবিশ্ব

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত গ্ৰেনেড বিস্ফোৰণৰ এটা দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত…

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত গ্ৰেনেড বিস্ফোৰণৰ এটা দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত...

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত গ্ৰেনেড বিস্ফোৰণৰ এটা দৃশ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত। ইউক্ৰেইনৰ পশ্চিম জাকাৰপাটিয়া নামৰ অঞ্চলৰ গ্ৰাম পৰিষদৰ এখন সভাত গ্ৰেনেড বিস্ফোৰণ ঘটাই এজন ক্ষুব্ধ সদস্যই। ভিডিঅ’টোত দেখা পোৱা ধৰণেই পৰিষদৰ সভা চলি থাকোঁতেই ক্ষুব্ধ সদস্যজন সভাগৃহৰ ভিতৰত প্ৰৱেশ কৰে। সভাত উপস্থিত অন্য সদস্যসকলে কোনো ধৰণৰ সন্দেহ কৰাৰ অৱকাশ নাছিল ক্ষুব্ধ সদস্যজনক লৈ।

সভাগৃহৰ ভিতৰত প্ৰৱেশ কৰি লোকজনে স্বাভাৱিকভাৱেই আচৰণ কৰি পকেটৰ পৰা গ্ৰেনেডটো উলিয়াই আৰু উপস্থিত সদস্যসকলৰ মাজলৈ নিক্ষেপ কৰে। উপস্থিত লোকসকলে ঘটনাৰ উৱাদিহ পোৱাৰ পূৰ্বেই প্ৰচণ্ড শব্দৰে বিস্ফোৰিত হয় গ্ৰেনেডটো। ঘটনাত ২৬জন লোক আহত হৈছে। আৰক্ষীয়ে প্ৰথম অৱস্থাত গ্ৰেনেড নিক্ষেপকাৰী লোকজনৰ মৃত্যু হোৱা বুলি জনাইছিল যদিও পিছত তেওঁ চিকিৎসাধীন হৈ আছে বুলি জনায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × two =

Back to top button