অসম

বিদেশতো প্ৰদৰ্শন হ’ব ড০ ড° বেজবৰুৱা ২। ড° বেজবৰুৱাই ইতিমধ্যে প্ৰৱেশ কৰিছে ২ কোটিৰ ক্লাৱত।

অসমৰ সমান্তৰালভাৱে বাংগালুৰু, নতুন দিল্লী, মুম্বাইকে ধৰি আন ৯খন ৰাজ্যৰ ছবিগৃত চলি আছে বেজবৰুৱা ২

ড° বেজবৰুৱা ২’ সন্দৰ্ভত সংবাদমেল সম্বোধন।প্ৰাগ টাৱাৰত এ এম টেলিভিছনৰ সংবাদমেল।ছবিখনৰ প্ৰযোজক Dr. Sanjib Narain আৰু Dr. Akshara Narain এ সম্বোধন কৰে সংবাদমেল। উপস্থিত অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, প্ৰয়াত নিপন গোস্বামীৰ পুত্ৰ- বোৱাৰী সহ অভিনেতা- অভিনেত্ৰীসকল। IMDb ৰেটিঙৰ ক্ষেত্ৰত ৯.১ পইণ্ট লাভ কৰি ড° বেজবৰুৱা ২ ছবিখনে পিছ পেলালে পাঠানক। অসমত গড় হিচাপত দৈনিক ২০০টা দৰ্শনী প্ৰদৰ্শিত হৈছে আৰু প্ৰতিটোতেই হাউছফুল। সৰ্বমুঠ ১৫০০টা দৰ্শনীত হাউছফুল হোৱা অসমীয়া বোলছবিৰ আন এক অভিলেখ। অসমৰ সমান্তৰালভাৱে বাংগালুৰু, নতুন দিল্লী, মুম্বাইকে ধৰি আন ৯খন ৰাজ্যৰ ছবিগৃত চলি আছে বেজবৰুৱা ২। ড° বেজবৰুৱাই ইতিমধ্যে প্ৰৱেশ কৰিছে ২ কোটিৰ ক্লাৱত। ইংৰাজী subtitleৰ সৈতে শীঘ্ৰে প্ৰদৰ্শন হ’ব ছবিখন। পৰৱৰ্তী সময়ত হিন্দী ভাষাৰ উপৰিও আন ভাষাত ডাবিং হ’ব ছবিখন। ভ্ৰাম্যমাণ প্ৰদৰ্শনীৰ যোগেদি গাঁৱে-ভূঞে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। অচিৰেই বিদেশতো ছবিখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰিব।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 2 =

Check Also
Close
Back to top button